ডিব্ৰুগড়,12 নৱেম্বৰ: নাহৰকটীয়াত বিনামূলীয়া এম্বুলেঞ্চ সেৱা মুকলি ৷ ডিব্ৰুগড়ৰ নাহৰকটীয়া অঞ্চলৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যা আছিল এম্বুলেঞ্চ সেৱা ৷ উন্নত অথবা গুৰুতৰ জৰুৰীকালীন চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ হাস্পাতাললৈ যাবলৈ বিনামূলীয়া এম্বুলেঞ্চ সেৱাৰ পৰা বঞ্চিত হৈ আছিল নাহৰকটীয়া অঞ্চলৰ ৰাইজ ৷ যাৰবাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছিল তুলনামূলকভাৱে ভিতৰুৱা অঞ্চল নাহৰকটীয়াবাসী ৰাইজ ৷ নাহৰকটীয়াবাসী ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যাক গুৰুত্বসহকাৰে লৈ ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝায়ে অইল ইণ্ডিয়া লিমিটেডক এই দিশটোত সহায়ৰ বাবে এক অনুৰোধ জনাইছিল ৷ এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত অনুমোদিত পুঁজিৰে নাহৰকটীয়াবাসী ৰাইজৰ সুবিধাৰ্থে নাহৰকটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত বুধবাৰে এখন এম্বুলেঞ্চ প্ৰদান কৰে । অইলৰ কেইবাগৰাকী শীৰ্ষ বিষয়াৰ উপস্থিতিত এক অনুষ্ঠানৰ অইল ইণ্ডিয়া লিমিটেডে নাহৰকটীয়া সমষ্টিৰ সন্মানীয় বিধায়ক নৰেণ সোণোৱালক এম্বুলেন্সৰ চাবি প্ৰদান কৰাৰ লগতে বিধায়কগৰাকীয়ে ফিটা কাটি বিনামূলীয়া এই এম্বুলেন্স সেৱা মুকলি কৰে ।
উল্লেখ্য যে, বিনামূলীয়া এই এম্বুলেন্স সেৱাই নাহৰকটীয়াবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যা ওৰ পেলোৱাৰ লগতে এই সেৱাৰ জৰিয়তে উপকৃত হ'ব নাহৰকটীয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজো ৷ আনহাতে উক্ত সভাতে নাহৰকটীয়াৰ ১০০ খন বিছনা যুক্ত চিকিৎসালয় খনৰ মেৰামতিৰ বাবে ৪০ লাখ, নাহৰণি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বাবে ২০ লাখ, চাচনী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বাবে ৩০ লাখ, নামৰূপ মিনি পি এইচ চি(PHC) ৰ বাবে ৪০ লাখ, জয়পুৰ ৰাজ্যিক চিকিৎসালয়ৰ পুনৰ নিৰ্মাণৰ বাবে ১ কোটি ২৫ লাখ টকা অনুমোদন লাভ কৰাৰ কথা জানিবলৈ দিয়ে বিজেপিৰ যুৱ মৰ্চাৰ উপ সভাপতি তথা অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক তৰংগ গগৈয়ে । ইফালে এই উদ্বোধনী সভাত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ লগতে অইলৰ জনসম্পৰ্কৰক্ষী বিষয়া দিলীপ কুমাৰ ভূঞা, নাহৰকটীয়া নগৰ সমিতিৰ পৌৰপতি মুকুট ৰাজকোঁৱৰ উপ পৌৰপতি অমূল্য চেংলাৰীকে প্ৰমুখ্যে কৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।