মৰাণ, 25 জুন : নাহৰকটীয়াত আবতৰীয়া বিহু ৷ নাহৰকটীয়া চাচনীত হঠাত শুনা গ'ল ঢোলৰ গুম গুমণি । ঢোল, পেঁপা, বাঁহীৰ লগতে পুৰুষ-মহিলা, যুৱক-যুৱতীৰ এক শুভাযাত্ৰাত ৰজনজনাই গ'ল চৌপাশ । ইয়াৰ মূল অভিকেন্দ্ৰ হ'ল চাচনী মথাউনি গাঁৱৰ এগৰাকী মহিলা ।
জানিব পৰা মতে, গাঁওখনৰ নিবাসী জিন্টু শইকীয়াৰ পত্নী মৰম জ্যোতি সোণোৱাল শইকীয়াই গুজৰাটত অনুষ্ঠিত হোৱা নেচনেল অপেন মাষ্টাৰচ এথলেটিকছ গেমচত সৰ্বভাৰতীয় পৰ্যায়ত দুটাকৈ পদক আজুৰি আনিবলৈ সক্ষম হৈছে (Naharkatia Woman Won Medal in National Level game) ৷ এই পদক লাভ কৰাৰ পাচতে গাঁওখনত বলিছে এতিয়া আনন্দৰ জোৱাৰ ৷ ডেকা-বুঢ়া সকলোৱে এতিয়া ওলাই আহিছে মৰমক আদৰিবলৈ ৷
তথ্য অনুসৰি, চলিত মাহৰ 16 পৰা 19 তাৰিখলৈকে গুজৰাটত আয়োজিত হৈছিল মাষ্টাৰচ এথলেটিকছ গেমচ ৷
এই গেমচত মৰমজ্যোতি শইকীয়া সোণোৱালে 100 মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰাৰ লগতে লং জাম্পতো ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে ৷ ইয়াৰ লগতে সৰ্বভাৰতীয় পৰ্যায়তো ৰাজ্যখনৰ লগতে চাচনীৰ বাবেও সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মৰমজ্যোতিয়ে । তাকে লৈ এতিয়া চাচনীৰ মথাউনি অঞ্চলটোত এক অদ্ভূতপূৰ্ব পৰিৱেশ দেখিবলৈ পোৱা গৈছে ।
মহিলাগৰাকীয়ে পদক জয় কৰি নিজ গাঁৱলৈ অহাৰ সময়ত গাঁওবাসীয়ে মিলি এনেদৰেই ঢোল, পেঁপা, বাঁহীৰ লগতে বিহু নাচ-গান কৰি মৰমক আদৰি অনা পৰিলক্ষিত হয় । আনকি খেলুৱৈ মৰম নিজ বাসগৃহত উপস্থিত হোৱা সময়তো পদূলি মূৰত তামুলী পীৰাত উঠাই ভৰি ধুৱাই দিয়াৰ লগতে ধূপ-চাকি জ্বলাই পুষ্প বৃষ্টিৰে আদৰাও দেখা যায় ৷
লগতে জ্যেষ্ঠ-কণিষ্ঠ সকলোৱে তেওঁক বিহুৱান পিন্ধাই আদৰি আনে । আনহাতে, 35 বছৰ গৰকা চাচনী মথাউনি গাঁৱৰ বোৱাৰী মৰমজ্যোতিৰ এই সফলতাই ভৱিষ্যতৰ দিনত আন দহ গৰাকীৰ বাবে উৎসাহৰ প্ৰতীক হৈ ৰ'ব বুলিও আশা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ৷
লগতে পঢ়ক : অকাডেমি বঁটাৰ কিছু ধনৰাশি হোমেন বৰগোহাঁই ন্যাসলৈ দান কৰাৰ সিদ্ধান্ত ড৹ সঞ্জীৱ উপাধ্যায়ৰ