ডিব্ৰুগড়, 7 ডিচেম্বৰ: ৰাজ্য কঁপাই জনতাৰ কেব বিৰোধী ধ্বনি ৷ কেবৰ বিৰুদ্ধে ওলাই আহিছে সহস্ৰ প্ৰতিবাদী ৷ প্ৰতিবাদ,বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কেব মানি নলয় অসমবাসীয়ে ৷
কেবৰ বিৰোধিতাৰে এইবাৰ ওলাই আহিল,ডিব্ৰুগড় জিলাৰ বিজেপি জনজাতি মৰ্চাৰ প্ৰাক্তন সম্পাদক মৃদুল শইকীয়া ৷ শুকুৰবাৰে দলটোৰ পৰা পদত্যাগ কৰে প্ৰাক্তন সম্পাদক মৃদুল শইকীয়াই ৷ পদত্যাগ কৰিয়েই আছুৰ কেব বিৰোধী আন্দোলনত ভাগ লয় প্ৰাক্তন সম্পাদক গৰাকীয়ে ৷
বিজেপিৰ পৰা পদত্যাগ কৰিয়েই শাসকীয় দলটোক কটু সমালোচনা কৰাৰ লগতে,দলটোত থকা কেব বিৰোধী লোক সকলক ওলাই আহি জাতিৰ এই জটিল সন্ধিক্ষণত অসমবাসীৰ হৈ থিয় দিবলৈ আহ্বান প্ৰাক্তন সম্পাদক গৰাকীৰ ৷
লগতে পঢ়ক: শদিয়াৰ পৰা ধুবুৰীলৈ কেব বিৰোধী আন্দোলনঃ কেব নামানে অসমীয়াই