ETV Bharat / state

ভোজপুৰী গীত গাই ডিব্ৰুগড়ত প্ৰচাৰ চলালে সাংসদ মনোজ তিৱাৰীয়ে - নিৰ্বাচনী প্ৰচাৰ চলায়

ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ তথা সাংসদ মনোজ তিৱাৰীয়ে ৷ সভাত তিৱাৰীয়ে নিজৰ ভোজপুৰী হিট-হিট গীতেৰেই ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চলায় ৷

ভোজপুৰী গীতৰে ডিব্ৰুগড়ত প্ৰচাৰ চলালে সাংসদ মনোজ তিৱাৰীয়ে

author img

By

Published : Mar 17, 2021, 10:46 AM IST

ডিব্ৰুগড়,17মাৰ্চ: নিৰ্বাচনৰ দিন চাপি অহাৰ লগে-লগে ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ মংগলবাৰে ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ তথা ভোজপুৰী চুপাৰ ষ্টাৰ, গায়ক তথা সাংসদ মনোজ তিৱাৰীয়ে ৷ অসমৰ কলা-সংস্কৃতি, আদৰ্শ, মিলা-প্ৰীতি, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰশংসা আৰু ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠী, ধৰ্মীয় লোকক সন্মানেৰে সম্বোধন কৰি এটাৰ পাছত আন এটা ভোজপুৰী চুপাৰ হীট গীতেৰে ডিব্ৰুগড়ৰ ভোজপুৰী সম্প্ৰদায়ৰ অধ্যুষিত গ্ৰেহেম বজাৰ অঞ্চলত প্ৰচাৰ চলায় মনোজ তিৱাৰীয়ে ।

ভোজপুৰী গীত গাই ডিব্ৰুগড়ত প্ৰচাৰ চলালে সাংসদ মনোজ তিৱাৰীয়ে

'চাৰে জাহা চে আচ্চা হিন্দুস্তা হামাৰা'কে ধৰি ভোজপুৰী হিট-হিট গীতেৰেই ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চলায় ষ্টাৰ কেম্পেইনাৰ গৰাকীয়ে ৷ এই সভাত জিলাখনৰ শতাধিক লোক উপস্থিত থকাৰ লগতে বিজেপি দলৰো বহু নেতাই ললে ভাগ ৷

অন্য এক খবৰৰ বাবে: বৰপেটা বৈদ্যুতিক চক্ৰৰ কাৰ্যালয়ত এপিডিচিএল কৰ্তৃপক্ষৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.