টিংখাং, 10 এপ্ৰিল : টিংখাংৰ মাহমৰা সমগ্ৰ শিক্ষা একাডেমিৰ শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত শনিবাৰে অনুষ্ঠিত হয় মত বিনিময় তথা শিক্ষক-প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী ৷ শিক্ষা বোৰ্ডৰ বিষয়া নবীন বৰাই আঁত ধৰা এই বিশেষ অনুষ্ঠানটোত উপস্থিত থাকে শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, শিক্ষাৰ্থী আৰু শিক্ষানুৰাগী স্থানীয় ৰাইজ ৷ মত বিনিময় তথা শিক্ষক প্ৰশিক্ষণ অনুষ্ঠানটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে “আপকু”ৰ মুখ্য উপদেষ্টা তথা অসম টুডেৰ এডিটৰ ইন চীফ মনোজ সিঙে ৷ অনুষ্ঠানটোৰ শুভাৰম্ভ কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে সাম্প্ৰতিক সময়ত শিক্ষক-শিক্ষয়িত্ৰীসকলে শিক্ষাদান কৰিবলৈ যাওঁতে লবলগীয়া প্ৰস্তুতি আৰু কৌশলৰ সন্দৰ্ভত বিতংভাৱে আলোচনা আগবঢ়ায় ৷
নাহৰকটীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক কুঞ্জ মুকুল গগৈয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰি কয় যে শিক্ষাগুৰু-অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সদায় এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক থাকিব লাগে ৷ শিক্ষক -শিক্ষয়িত্ৰীসকলে নিজ আচৰণ, স্বভাৱ -চৰিত্ৰ, খোৱা-বোৱা, চলন ফুৰণৰ ওপৰত বিশেষভাৱে ধ্যান দিব লাগে ৷ শিক্ষানুষ্ঠানখনৰ মুখ্য সঞ্চালক টংকেশ্বৰ নেওগে শিক্ষানুষ্ঠানখনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত নিজৰ মতামত আগবঢ়ায় ৷ অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকে টিংখাঙৰ সাংবাদিক কৃষ্ণ গগৈ, দীপক গগৈ আৰু সত্যজিৎ বৰুৱা ৷
লগতে পঢ়ক : ৰঙাপৰাত বলুকা শিল্পীৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ বিৰজা তিৰ্কীৰ