ETV Bharat / state

লাটমণ্ডলৰ দেহত কৰ'ণা ভাইৰাছ

author img

By

Published : Jul 1, 2020, 5:22 PM IST

মৰাণত লাটমণ্ডলৰ দেহত কৰ'ণা পজিটিভ হোৱাৰ পাছতে খোৱাং হালধিবাৰীত আতংক ৷ গাঁওবুঢ়া, ৱাৰ্ড সদস্যাকে ধৰি ৭ জনৰ স্বাৱ সংগ্ৰহ ।

কৰ'ণা ভাইৰাছ
কৰ'ণা ভাইৰাছ

মৰাণ, ১ জুলাইঃ ডিব্ৰুগড়ৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত বহু কেইখন গাঁৱত কৰ'ণাৰ সামাজিক সংক্ৰমণ হোৱাৰ সম্ভাৱনাই দেখা দিছে বুলি সদৰি কৰে স্থানীয় লোকে। বিগত ২৯ জুনত মৰাণত তিনিজন লাটমণ্ডল আৰু এজন শিক্ষকৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰে । লাটমণ্ডল কেইজনৰ দেহত কৰ'ণা পজিটিভ ধৰা পৰাৰ পাছতে মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে সমগ্ৰ মৰাণত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে । কাৰণ লাটমণ্ডল কেইজনৰ সংস্পৰ্শলৈ আহিছিল বহু ব্যক্তি । সংস্পৰ্শত অহা ব্যক্তিকেইজন মৰাণ জৱাহৰ নৱোদয় বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেন্টাৰৰ কৰ্তব্যত নিয়োজিত হৈ থকাৰ উপৰিও চক্ৰ বিষয়া কাৰ্যালয়ত নিজৰ দায়িত্ব পালন কৰি আহিছিল ।

কৰ'ণা  ভাইৰাছ
মৰাণত লাটমণ্ডলৰ দেহত কৰ'ণা পজিটিভৰ পাছতে খোৱাং হালধিবাৰীত আতংক

আনহাতে, গুৰুত্বপূৰ্ণ বিষয়টো হ'ল কৰ'ণা আক্ৰান্ত এজন লাটমণ্ডলে গাঁও বুঢ়াক লগত লৈ খোৱাং হালধিবাৰী মইনা গাঁৱত সোমবাৰে দিনত বান সাহায্য বিতৰণত তদাৰক কৰিছিল বুলিও জানিবলৈ দিয়ে । বান সাহায্য বিতৰণ কৰি যোৱাৰ পাছতে লাটমণ্ডল জনৰ কৰ'ণা প্ৰজিটিভ ধৰা পৰাৰ পাছতে বানৰ কবলত পৰা গাঁৱৰ ৰাইজৰ মাজত সৃষ্টি হৈছে কৰ'ণা আতংক । শেহতীয়াকৈ বানে গাঁৱৰ কৃষক ৰাইজক জুৰুলা কৰি যোৱাৰ পাছতে এতিয়া কৰ'ণা আতংকই গাঁৱৰ ৰাইজক অধিক চিন্তিত কৰি পেলাইছে বুলি সদৰি কৰে ।

more corona positive in dibrugarh moran

লগতে পঢ়ক : জীয়াধল নদীত উটি আহিল পিপিই কিট আৰু অন্যান্য সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.