ETV Bharat / state

সৰ্বভাৰতীয় প্ৰেক্ষাপটত মৰাণৰ চাহৰ অভিলেখ - সৰ্বভাৰতীয় প্ৰেক্ষাপটত মৰাণৰ চাহৰ অভিলেখ

মৰাণৰ খুমটাই চাহ বাগিচাত উন্নত মানদণ্ডৰ চাহ উৎপাদন কৰি সৰ্বভাৰতীয় প্ৰেক্ষাপটত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷

মৰাণৰ চাহৰ অভিলেখ
মৰাণৰ চাহৰ অভিলেখ
author img

By

Published : Jul 16, 2020, 4:08 PM IST

মৰাণ, 16 জুলাই: সৰ্বভাৰতীয় প্ৰেক্ষাপটত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে মৰাণৰ চাহে ৷ ১৮৩৯ চনত স্থাপিত অসম কোম্পানী ইণ্ডিয়া লিমিটেডৰ অধীনত থকা মৰাণৰ খুমটাই চাহ বাগিচাত উন্নত মানদণ্ডৰ চাহ উৎপাদন কৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ বিগত দুটা মাহত এই চাহ বাগিচাত উৎপাদিত চাহ বিক্ৰী হৈ আহিছ সৰ্বাধিক মূল্যত ৷ ইয়াৰ বাবে গৌৰৱ অনুভৱ কৰিছে বাগিচা কৰ্তৃপক্ষই ৷

সৰ্বভাৰতীয় প্ৰেক্ষাপটত মৰাণৰ চাহৰ অভিলেখ

উল্লেখ্য যে,বাগিচা খনৰ কৰ্তৃপক্ষকে ধৰি কৰ্মচাৰী সকলে চাহৰ গুণাগুণ বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট প্ৰচেষ্টা কৰিছে বুলি উল্লেখ কৰে বাগিচা খনৰ পৰিচালকে ৷ তেওঁলোকৰ কষ্টৰ ফলতে আজি মৰাণৰ চাহে এনে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি কয় তেওঁ ৷ কৰ্মচাৰীসকলে বহু অনুশাসনৰ মাজেৰে এই চাহ উৎপাদনত মনোনিৱেশ কৰি আহিছে বুলি পৰিচালক গৰাকীয়ে জানিবলৈ দিয়ে ৷ উত্তৰ পূৰ্বাঞ্চলৰ চাহ বাগিচাসমূহক চেৰ পেলাই কলকাতা টি অক্স'ন চেন্টাৰত প্ৰতি কিলোগ্ৰাম চাহ ৪০০ টকাৰো অধিক মূল্যত নিলাম কৰিবলৈ সক্ষম হৈছে মৰাণৰ চাহে ৷ প্ৰথম পৰ্যায়ত প্ৰায় এক লাখ কিলোগ্ৰাম চাহ বিক্ৰী কৰে বাগিচা কৰ্তৃপক্ষই ৷ বাগিচাখনৰ পৰিচালকে জানিবলৈ দিয়া অনুসৰি,দ্বিতীয় পৰ্যায়ত কমেও 2 লাখ ৫০ হাজাৰ কিলোগ্ৰাম চাহ উৎপাদন কৰি আছে খুমটাই চাহ বাগিচাই ৷

লগতে পঢ়ক: বানৰ কৱলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.