ETV Bharat / state

Oil India Limited: মৰাণত অইলৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি ৰাইজৰ প্ৰতিবাদ

মৰাণত অইলৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি ৰাইজৰ প্ৰতিবাদ (protest at Moran Oil India) । স্কুল বাছসেৱা বন্ধ কৰাক লৈ এই প্ৰতিবাদ । অইল ইণ্ডিয়াৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ । অইলক দিলে একসপ্তাহৰ সময়সীমা ।

author img

By

Published : Nov 16, 2022, 1:41 PM IST

Updated : Nov 16, 2022, 2:11 PM IST

Oil
Oil

মৰাণ, ১৬ নৱেম্বৰ : মৰাণত অইল ইণ্ডিয়াৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি ৰাইজৰ প্ৰতিবাদ (protest at Moran Oil India) । স্কুল বাছসেৱা বন্ধ কৰাৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ (Moran Oil India stopped school bus services) । লগতে অইল ইণ্ডিয়াৰ বিৰুদ্ধে মইমতালিৰ অভিযোগো উত্থাপন হৈছে । আনহাতে, বাছ সেৱা পুনৰ প্ৰৱৰ্তনৰ বাবে অইল কৰ্তৃপক্ষক বান্ধি দিলে একসপ্তাহৰ সময়সীমা ।

মৰাণত অইলৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি ৰাইজৰ প্ৰতিবাদ

উল্লেখ্য, চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত বটামৰাস্থিত অইল ইণ্ডিয়া লিমিটেডে মইমতালি কৰি অইল ইণ্ডিয়াৰ স্কুল বাছ সেৱা বন্ধ কৰি দিয়াৰ ফলত দাঁতিকাষৰীয়া অঞ্চলৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যাতায়াতত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগা হৈছে (Moran people protest against Oil India Ltd) ।

যদিওবা একাংশই চাইকেল বা আন বাহনত বিদ্যালয়লৈ অহা-যোৱা কৰি আছে, কিন্তু বাছ সেৱা বন্ধ হোৱাত জটিল সমস্যাৰ সন্মুখীন হৈছে বেছিভাগ শিক্ষাৰ্থী ৷ অইল কৰ্তৃপক্ষই মৰাণ অইল ইণ্ডিয়া বিদ্যালয়ৰ স্কুল বাছ বন্ধ কৰি ছাত্ৰ-ছাত্ৰীক হাৰাশাস্তি কৰাক লৈ বুধবাৰে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে (Oil India Limited school bus services) ।

উক্ত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই মৰাণৰ অইল ইণ্ডিয়াৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । যাৰ বাবে বহু সময় ধৰি অইল ইণ্ডিয়াৰ কাম-কাজ স্তব্ধ হৈ পৰে । উল্লেখযোগ্য যে পূৰ্বতেও দুবাৰকৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষক এই বিষয়ে ৰাইজে অৱগত কৰিছিল যদিও কোনো লাভজনক উত্তৰ ৰাইজে লাভ কৰা নাছিল ।

ফলত উপায়ন্তৰ হৈ আজি এনে প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । অৱশ্যে উক্ত প্ৰতিবাদী কাৰ্যসূচীত মৰাণ অইলৰ প্ৰশাসনিক বিষয়া কানু চাহু প্ৰতিবাদস্থলীত উপস্থিত হয় যদিও ৰাইজে বিষয়াগৰাকীক জবাবদিহি কৰে । পিছত বিষয়াগৰাকীয়ে এই সন্দৰ্ভত সমাধানৰ বাবে এসপ্তাহৰ সময় লিখিতভাৱে বিচাৰে ।

তাৰ পিছতে প্ৰতিবাদ কিছু শাম কাটে । কিন্তু সংবাদ মাধ্যমৰ আগত ভাষ্য প্ৰদানৰ পৰা বিৰত থাকে বিষয়াগৰাকী । আনহাতে, অইল ইণ্ডিয়া কৰ্তৃপক্ষই নিজৰ সিদ্ধান্ত বাতিল নকৰিলে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বুলি ৰাইজে সকীয়নি প্ৰদান কৰে ।

লগতে পঢ়ক :PM announces ex-gratia: মিজোৰামত দুৰ্ঘটনাগ্ৰস্তলৈ আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

Last Updated : Nov 16, 2022, 2:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.