মৰাণ ,7 এপ্ৰিল : ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত শুকুৰবাৰৰ দিনটোতে ৭৮ জন লোকৰ দেহত ক'ভিডৰ অৱস্থিতি পোৱা গৈছে । ইয়াৰে ৬ জন লোক চৰাদেউ জিলাৰ আৰু ৫ জন টিংখাং নাহৰণি ব্লকৰ নিবাসী ।
খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলত বৰ্তমানলৈকে মুঠ ৬৪০ গৰাকীলৈ বৃদ্ধি পালে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা । ইফালে, চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত এলেকাত আজি ৭ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ অৱস্থিতি ।
পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সৰ্বমুঠ ১২৬ জন লোকৰ দেহত ক'ভিড ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে । চিকিৎসক সকলে জানিবলৈ দিয়া মতে আক্ৰান্ত প্ৰায় সকলো লোককে হ’ম আইছ’লেশ্যনত ৰখা হৈছে ।
উল্লেখ্য যে, দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ৭৬৬ লোক ক'ভিডত আক্ৰান্ত হৈছে । আনহাতে বৃহত্তৰ মৰাণ অঞ্চলত আজিলৈকে মুঠ ৭ জন লোকে ক'ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লগা হয় ।
লগতে পঢ়ক : ক'ভিড জয় কৰি ঘৰলৈ উভতিল হোমেন বৰগোহাঞি