মৰাণ, 23 জানুৱাৰী : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অসমৰ ভিন্ন প্ৰান্তৰ পৰা হঠাৎ অন্তৰ্ধান হৈছে বহু কেইজন যুৱক ৷ শেহতীয়াকৈ যুৱক সন্ধানহীন হোৱা কেইবাটাও বাতৰি পৰিৱেশন হোৱাৰ পাছতে পুনৰ পোহৰলৈ আহিছে এক অনুৰূপ ঘটনা ৷ এইবাৰ এনেধৰণৰ যুৱক সন্ধানহীন হোৱাৰ ঘটনা সংঘটিত হৈছে মৰাণৰ কোটোহা বালিগাঁৱত ৷
ঘটনা অনুসৰি, বিগত ১৪ দিনে মৰাণৰ কোটোহা বালিগাঁৱৰ পৰা সন্ধানহীন হৈ আছে ইন্টু ফুকন নামৰ এজন স্নাতক ডিগ্ৰীধাৰী যুৱক ৷ ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত কুটুহা বালিগাঁৱৰ মনোজ ফুকনৰ একমাত্ৰ পুত্ৰ ইন্টুৱে ৯ জানুৱাৰীৰ পুৱা মৰাণলৈ যাওঁ বুলি কৈ ঘৰৰ পৰা ওলাই আহিছিল ৷ ঘৰৰ পৰা মটৰ চাইকেল লৈ ওলাই অহা ইন্টুৱে কুটুহাৰ গেমনত এজন পৰিচিত লোকৰ ঘৰত মটৰ চাইকেলখন থৈ মৰাণলৈ বুলি ওলাই গৈছিল ৷ SSB -ৰ চাকৰিৰ শাৰীৰিক আৰু লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈ থকা যুৱকজনে স্বাস্থ্য পৰীক্ষাৰ বাবে আহিবলগীয়া এডমিট কাৰ্ড আহি নোপোৱাত খবৰ কৰিবলৈ যাওঁ বুলি কৈ ওলাই আহিছিল ঘৰৰ পৰা ৷ কিন্তু সেই দিন ধৰি এতিয়ালৈ সন্ধান নাই ইন্টুৰ ৷ লগতে সেই মুহূৰ্তৰে পৰা ইন্টুৰ মোবাইল ফোনটোও যোগাযোগ বিচিন্ন হৈ আছে ৷ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যুৱকজনৰ ঘৰখনত ৷
বৰবৰুৱা আৰক্ষী থানাত এজাহাৰ দিয়াৰ উপৰিও বিভিন্ন স্থানত খবৰ কৰিছে যদিও বৰ্তমানলৈকে যুৱকজনৰ একো সন্ধান নোপোৱাত উপায়হীন হৈ পৰিছে পৰিয়ালৰ লোক ৷ বিগত বৰ্ষত খোৱাং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ইন্টুৱে সামৰিক বাহিনীত যোগদানৰ বাবে প্ৰস্তুতি চলোৱাৰ লগতে কেইবাটাও সাক্ষাৎকাৰতো অৱতীৰ্ণ হৈছিল ৷ কিন্তু কেতিয়াও ঘৰ এৰি আঁতৰি নথকা যুৱকজন হঠাৎ ৰহস্যজনকভাৱে সন্ধানহীন হোৱা ঘটনাই গভীৰ চিন্তাত পেলাইছে পৰিয়ালৰ লোকক ৷ আনহাতে ইন্টুৱে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)-ত যোগদান কৰিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে আত্মীয় স্বজনৰ লগতে স্থানীয় লোকে ৷ য'তেই নাথাকক যুৱকজনক শীঘ্ৰে ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে পিতৃ-মাতৃৰ লগতে আত্মীয়-স্বজনে ৷