ডিব্ৰুগড়, 20 ছেপ্টেম্বৰঃ ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেতনি চাৰিআলিৰ সমীপৰ নাহৰপুখুৰীত বৃহস্পতিবাৰে ৰাতি প্ৰায় ১.৩০ বজাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত এজন ব্যক্তি নিহত হোৱাৰ লগতে দুজন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি AS-06Y-6643 নম্বৰৰ গাড়ী খনত খোৱাং ঘাটৰ নিবাসী তথা ব্যৱসায়ী শংকৰ ৰয়,ভাতৃ উত্তম ৰয় আৰু গাড়ীখনৰ চালক কপিল কলিতাই ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত উত্তম ৰয়ক চিকিৎসা কৰোৱাই গৃহ অভিমুখে আহি থকা অৱস্থাত নাহৰপুখুৰীত বিপৰীত দিশৰ পৰা আহি থকা এখন ডি আই গাড়ীৰ লগত মুখামুখী সংঘৰ্ষ হয়। ফলত মাৰুতি ছুইফট্ গাড়ী খনৰ তিনিও জন আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
আহত ব্যক্তি কেইজনক সংবাদ পত্ৰ কঢ়িয়াই নিয়া গাড়ীৰ কেইজনমান ব্যক্তিয়ে উদ্ধাৰ কৰি ১০৮ এম্বুলেন্সযোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ চিকিৎসকে গাড়ীখনৰ পিছৰ আসনত বহি অহা শংকৰ ৰয় মৃত বুলি জানিবলৈ দিয়াৰ লগতে আন দুজন ব্যক্তি বিপদমুক্ত বুলি জানিবলৈ দিয়ে। আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ডি আই গাড়ীখনে পলায়ন কৰে। নিহত শংকৰ ৰয়ে ইহঃসংসাৰত পত্নী,পুত্ৰ আৰু এগৰাকী কন্যাক এৰি থৈ যায়।