মৰাণ, 20এপ্ৰিলঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা দেখা গৈছে জীৱ-জন্তুক ৷ সোমবাৰেও মৰাণৰ শিংৰীজানৰ বাঁহবাৰীত লুপ্তপ্ৰায় লাজুকী মাইকী বান্দৰ উদ্ধাৰ কৰা হৈছে ৷ বাঁহবাৰীৰ এঘৰ লোকৰ জেওৰাত বগাই থকা অৱস্থাত মাইনা নামৰ এজন যুৱকে উদ্ধাৰ কৰে লাজুকী বান্দৰটোক ৷ ইয়াৰ পিছত নাফুকস্থিত সোণাৰি বন সংমণ্ডলৰ বনকৰ্মী উপস্থিত হৈ চমজি লয় লাজুকী বান্দৰটোক ৷
লগতে পঢ়কঃ শেহতীয়া পৰিস্থিতি সম্পৰ্কে চিৰাঙৰ উপায়ুক্ত কাৰ্যালয়ত বৈঠক