ETV Bharat / state

ৰহমৰীয়াত নৱ-নিৰ্মিত প্ৰকল্পৰ আধাৰশিলা স্থাপন

ৰহমৰীয়াত লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই ৰহমৰীয়া গাঁও পঞ্চায়তৰ সভাপতি জিতুল গোঁহাইৰ উপস্থিতিত সোমবাৰে অসম চৰকাৰৰ "আমাৰ গাঁও আমাৰ আঁচনি" শীৰ্ষক আঁচনিৰ অধীনত কেইবাটাও নৱ-নিৰ্মিত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷

author img

By

Published : Feb 16, 2021, 1:34 PM IST

ৰহমৰীয়াত কেইবাটাও নৱ-নিৰ্মিত প্ৰকল্পৰ আধাৰশিলা শুভাৰম্ভ

মৰাণ,16 ফেব্ৰুৱাৰীঃ সমাগত বিধানসভা নিৰ্বাচন । সমষ্টিয়ে সমষ্টিয়ে বিধায়কসকল ব্যস্ত হৈ পৰিছে আধাৰশিলা স্থাপন কৰাত ৷ সমান্তৰালকৈ নৱ-নিৰ্মিত প্ৰকল্পৰ শুভাৰম্ভ কৰি ৰাইজৰ পৰা সমৰ্থন আদায় কৰাৰ আশাত বন্দী হৈ পৰিছে জন প্ৰতিনিধিসকল । লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই একেদিনাই বহুকেইটা প্ৰকল্পৰ শুভাৰম্ভ কৰে ।

ৰহমৰীয়াত লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই ৰহমৰীয়া গাঁও পঞ্চায়তৰ সভাপতি জিতুল গোঁহাইৰ উপস্থিতিত সোমবাৰে অসম চৰকাৰৰ "আমাৰ গাঁও আমাৰ আঁচনি" শীৰ্ষক আঁচনিৰ অধীনত কেইবাটাও নৱ-নিৰ্মিত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷ লাহোৱাল উন্নয়ন খণ্ডৰ অধীনৰ ৰহমৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বগৰীতলীয়া গাঁৱৰ ফুলাম নামঘৰ, ৰহমৰীয়া গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহ আৰু প্ৰশিক্ষণ কেন্দ্ৰটি চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰে নিৰ্মাণ কৰি উলিওৱাত বিধায়কগৰাকীয়ে মুকলি কৰে ।

লগতে পঢ়কঃ কংগ্ৰেছে বহুদিন পূৰ্বেই অসম ধ্বংস কৰিছে: বিধায়ক উৎপল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.