ডিব্ৰুগড়, 6 অক্টোবৰঃ শাৰদীয় দুৰ্গা পূজাৰ নৱমীৰ দিনা অৰ্থাৎ 7 অক্টোবৰত বিবাহপাশত আৱদ্ধ হ’ব মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ ৷ আজাৰগুৰী নিবাসী কুমুদ চন্দ্ৰ শৰ্মা আৰু পূণ্যপ্ৰভা শৰ্মাৰ কন্যা প্ৰহেলিকা শৰ্মাৰ সৈতে বিয়াত বহিব বিধায়কজন ৷ প্ৰহেলিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰী হোৱাৰ লগতে এগৰাকী কণ্ঠশিল্পী ৷ সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ ভাৱে অৱদান থকা দৰা-কইনালৈ দুয়োগৰাকীলৈ বিভিন্ন জনে শুভেচ্ছা বাৰ্তা দিয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীও কইনা ঘৰত উপস্থিত হৈ শুভেচ্ছা প্ৰদান কৰে ৷
বিধায়ক চক্ৰধৰ গগৈৰ বিয়া - প্ৰহেলিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰী
বিবাহপাশত আৱদ্ধ হ’ব মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ ৷ কণ্ঠশিল্পী প্ৰহেলিকা শৰ্মাৰ সৈতে বিয়াত বহিব বিধায়কজন ৷

ডিব্ৰুগড়, 6 অক্টোবৰঃ শাৰদীয় দুৰ্গা পূজাৰ নৱমীৰ দিনা অৰ্থাৎ 7 অক্টোবৰত বিবাহপাশত আৱদ্ধ হ’ব মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ ৷ আজাৰগুৰী নিবাসী কুমুদ চন্দ্ৰ শৰ্মা আৰু পূণ্যপ্ৰভা শৰ্মাৰ কন্যা প্ৰহেলিকা শৰ্মাৰ সৈতে বিয়াত বহিব বিধায়কজন ৷ প্ৰহেলিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰী হোৱাৰ লগতে এগৰাকী কণ্ঠশিল্পী ৷ সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ ভাৱে অৱদান থকা দৰা-কইনালৈ দুয়োগৰাকীলৈ বিভিন্ন জনে শুভেচ্ছা বাৰ্তা দিয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীও কইনা ঘৰত উপস্থিত হৈ শুভেচ্ছা প্ৰদান কৰে ৷
দুৰ্গা পূজাৰ মহা নৱমীৰ দিনা অৰ্থাৎ ৭ অক্টোবৰত হোমৰ জুইক সাক্ষী কৰি বিবাহ পাশত আৱদ্ধ হ'ব মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ । মৰাণ সমষ্টিৰে খোৱাং আজাৰগুৰী নিবাসী কুমুদ চন্দ্ৰ শৰ্মা আৰু পূণ্যপ্ৰভা শৰ্মাৰ কন্যা প্ৰহেলিকা শৰ্মা হ'ব বিধায়ক চক্ৰধৰ গগৈৰ কইনা ৷ বিয়াৰ বাবে ইতিমধ্যে দুয়োখন ঘৰৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত । আজি বিধায়ক জনৰ পৰিয়াল আৰু আত্মীয় কুটুমে কইনাক পিন্ধালে জোৰোণ ।
মৰাণ কুশল নগৰৰ বিধায়ক জন বহু দিনৰে পৰা প্ৰহেলিকাৰ প্ৰেমত পৰা বুলিও জানিব পৰা গৈছে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰী প্ৰহেলিকা এগৰাকী কণ্ঠশিল্পীও ৷ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী শিল্পী হিচাপে সংগীত জীৱনৰ পাতনি মেলা প্ৰহেলিকাই অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী বিপিন চাউদাঙৰ সৈতে অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি ইতিমধ্যে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে । ইফালে ৰাজনৈতিক পথাৰত খোজ দি প্ৰথম বাৰতে মৰাণ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল চক্ৰধৰ গগৈ । সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ ভাৱে অৱদান থকা দুয়োগৰাকী দৰা-কইনালৈ বিভিন্ন জনে শুভেচ্ছা বাৰ্তা দিয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী কন্যা গৃহত উপস্থিত হৈ কন্যাক এষাৰি মাত দি গৈছে| এতিয়া সকলোৱে অপেক্ষা কৰি আছে যুগ্ম জীৱনৰ সেই মহানৱমীৰ দিনটোলৈ ।বিয়া অতি ধুমধামেৰে পাতিবলৈ ইচ্ছা আছিল যদিও
সময় আৰু পৰিস্থিতিৰ কাৰণে অনুষ্টুপীয়াকৈ পাতিব লগা হৈছে বুলি বিধায়ক জনে জানিবলৈ দিয়ে যদিও কিন্তু কইনা ঘৰত বিয়া ৰাজকীয় ভাৱে আয়োজন কৰা বুলি সমষ্টিৰ সকলোতে চৰ্চা ।Body:ঐConclusion:ঐ