মৰাণ,20 মে’: বুধবাৰে মৰাণৰ পথালিবাম শলগুৰী গাঁৱৰ কণ্টেইনমেণ্ট জ’নত উপস্থিত হয় বিধায়ক চক্ৰধৰ গগৈ ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সকলো বিধায়ককে নিজ নিজ সমষ্টিত ক’ভিড প্ৰতিৰোধৰ বাবে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে ৷
ইয়াৰ পৰিপ্ৰেক্ষিতত মৰাণৰ পথালিবাম শলগুৰী গাঁৱত কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা অঞ্চলত উপস্থিত হৈ ক’ভিডত আক্ৰান্ত ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় বিধায়কগৰাকীয়ে ৷ লগতে আক্ৰান্তসকলৰ পৰিয়ালৰ পদূলিমুখত সামাজিক দূৰত্ব অটুট ৰাখি খাদ্য সামগ্ৰী যোগান ধৰাৰ পৰা আদি কৰি সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস দিয়ে ।
এই কাৰ্যত বিধায়ক গগৈক সহযোগিতা আগবঢ়াই শলগুৰী গাঁও পঞ্চায়তৰ সভাপতি চুচেন ফুকন আৰু ৱাৰ্ড সদস্য সত্যজিৎ কোঁৱৰে ৷ মুঠৰ ওপৰত এতিয়া সমষ্টিয়ে সমষ্টিয়ে ক’ভিড প্ৰতিৰোধৰ বাবে ব্যস্ত হৈ পৰিছে বিধায়কসকল ।
লগতে পঢ়ক : আনন্দ মিশ্ৰই কঁপাইছে নগাঁৱৰ অপৰাধৰ ঘাটি