ETV Bharat / state

দললৈ মানুহ আহে আৰু যায়, এই কথাত মই বিশেষ চিন্তিত নাছিলো : চক্ৰধৰ গগৈ

author img

By

Published : Oct 1, 2022, 9:41 PM IST

প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপিত যোগদান কৰা কাৰ্যসূচী স্থগিত ৰখাৰ পাচতেই উৎফুল্লিত হৈছে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ ৷ এই সন্দৰ্ভত বিধায়ক চক্ৰধৰ গগৈয়ে কি ক’লে সংবাদ মাধ্যমৰ আগত (MLA Chakradhar Gogoi reacts on joining issue of Pranjal Ghatowar)...

MLA Chakradhar Gogoi reacts on joining issue of Pranjal Ghatowar
দললৈ মানুহ আহে আৰু যায়, এই কথাত মই বিশেষ চিন্তিত নাছিলো : চক্ৰধৰ গগৈ

মৰাণ, 1 অক্টোবৰ : ডিব্ৰুগড়ৰ প্ৰাক্তন সাংসদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিঙ ঘাটোৱাৰ আৰু মৰাণ সমষ্টিৰ তিনিবাৰৰ বিধায়িকা জীৱনতাৰা ঘাটোৱাৰৰ পুত্ৰ যুৱ কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰে পুনৰ বিজেপিত যোগদান কৰিব বুলি উলোৱা খবৰে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছিল । ইয়াৰ পূৰ্বেও কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগদান কৰিব বুলি খবৰো উলাইছিল ৷ কিন্তু সেই কথা নস্যাৎ কৰি আহিছিল নেতাগৰাকীয়ে ।

পিছে এইবাৰ প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিত যোগদান প্ৰায় চূড়ান্ত হৈছে । দিল্লীত বাহৰ পাতি যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতেও আলোচনাত মিলিত হৈছিল । 2021 ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ মৰাণ সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াই বিধায়ক চক্ৰধৰ গগৈৰ হাতত পৰাস্ত হোৱা প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি গমনক লৈ উজনিৰ কেইবাজনো বিধায়কে মুকলি বিৰোধিতা কৰিছিল ।

বিশেষকৈ মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে সমষ্টি হেৰুওৱাৰ ভয়ত দলীয় নেতৃত্বৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীকো প্ৰাঞ্জল ঘাটোৱাৰৰ যোগদান সম্পৰ্কত আলোচনাত মিলিত হৈছিল । উজনিৰ কেইবাজনো বিধায়ক লগতে দলীয় কৰ্মীসকলৰ এই বিৰোধিতাৰ পাচতেই প্ৰাঞ্জল ঘাটোৱাৰৰ লগতে বহু কেইজন কংগ্ৰেছ নেতাৰ যোগদান কাৰ্যসূচী ৰাজ্যিক বিজেপিয়ে স্থগিত ৰখা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : অসমে দেশৰ মেডিকেল হাব হিচাপে প্ৰতিষ্ঠা লাভ কৰিব: মন্ত্রী অতুল বৰা

8 অক্টোবৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ উপস্থিতিত অনুষ্ঠিত হ’ব লগা আছিল এই যোগদান কাৰ্যসূচী । যোগদান কাৰ্যসূচী বাতিল হোৱাৰ পাচতেই উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈক (MLA Chakradhar Gogoi reacts on joining issue of Pranjal Ghatowar) ।

বিধায়কগৰাকীয়ে দলীয় সিদ্ধান্তক আদৰণি জনাই কয়, ‘‘দললৈ মানুহ আহে আৰু যায় ৷ এই কথাত মই বিশেষ চিন্তিত নাছিলো যদিও এই খবৰে মৰাণৰ দলীয় কৰ্মীসকলক আনন্দিত কৰিছে । সকলোৱে সমৰ্থন কৰিব পৰা নেতা দললৈ আহিলে আমি আদৰণি জনাম’’ ৷

লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দলীয় নেতৃত্বই পৰৱৰ্তী সময়ত যি সিদ্ধান্ত দিয়ে সেয়া দল আৰু ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত মানি ল’ম বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰে । মুঠৰ ওপৰত সমষ্টি হেৰুওৱাৰ ভয় কেইটামান দিনলৈ নোহোৱা হ’ল বিধায়ক চক্ৰধৰ গগৈৰ ।

কাৰণ মৰাণ বিধানসভা সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচন খেলাৰ লক্ষ্যৰে প্ৰস্তুতি চলাইছে কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে ।

লগতে পঢ়ক : ৰাজ্যত পুনৰ আৰম্ভ হৈছে ধান ক্ৰয়ৰ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.