ETV Bharat / state

জীৱনৰ দ্বিতীয় ইনিংছ মুকলি কৰিলে বিধায়ক চক্ৰ গগৈয়ে - প্ৰহেলিকা শৰ্মা

যুগ্ম জীৱনৰ পাতনি মেলিলে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰ গগৈয়ে ৷ প্ৰহেলিকা শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয় মৰাণৰ বিধায়কগৰাকী ৷

বিবাহপাশত বহিল মৰাণৰ বিধায়ক চক্ৰ গগৈ
author img

By

Published : Oct 8, 2019, 8:26 PM IST

ডিব্ৰুগড়, 8 অক্টোবৰঃ বহু প্ৰতিক্ষাৰ অন্তত সোমবাৰে হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰ গগৈয়ে ৷ মৰাণ সমষ্টিৰে খোৱাং আজাৰগুৰীৰ নিবাসী কুমুদ চন্দ্ৰ শৰ্মা আৰু পূণ্যপ্ৰভা শৰ্মাৰ কন্যা প্ৰহেলিকা শৰ্মা সৈতে বিবাহপাশত বহে মৰাণৰ বিধায়কগৰাকী ৷ উল্লেখ্য যে, দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ পাচতেই বিবাহপাশত আবদ্ধ হয় দুয়ো ৷

মৰাণৰ বিধায়ক চক্ৰ গগৈৰ বিবাহ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰী প্ৰহেলিকা এগৰাকী কণ্ঠশিল্পীও ৷ উদুলি মুদুলি পৰিৱেশৰ মাজত সোমবাৰে দৰা ঘৰীয়া হৈ কন্যা নিবলৈ আহিল সাংসদ তপন গগৈ, বিধায়ক ক্ৰমে যোগেন মোহন, বিমল বৰা, ৰিতুপৰ্ণ বৰুৱাৰ লগতে দলীয় বহু নেতা কৰ্মী ।

Intro:
 বিবাহ সম্পৰ্ণ হ'ল মৰাণ সমষ্টিৰ বিধায়ক চক্ৰ গগৈৰ  । বহু প্ৰতিক্ষাৰ অন্তত কালি হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে বিধায়কজনে । মৰাণ সমষ্টিৰে খোৱাং আজাৰগুৰী নিবাসী কুমুদ চন্দ্ৰ শৰ্মা আৰু পূণ্যপ্ৰভা শৰ্মাৰ কন্যা প্ৰহেলিকা শৰ্মা হ'ল বিধায়ক চক্ৰধৰ গগৈৰ জীৱন সংগীনী ৷ কালি দুয়োখন গৃহতে উখল মাখল পৰিৱেশ । সমষ্টি বাসীৰ লগতে দূৰ দুৰণীৰ বহু লোক আহি ভিৰ কৰিছেহি দৰা কন্যাৰ দুয়োখন ঘৰতে । মৰাণ কুশল নগৰৰ বিধায়ক জন বহু দিনৰে পৰা প্ৰহেলিকাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰী প্ৰহেলিকা এগৰাকী কণ্ঠশিল্পীও ৷ উদুলি মুদুলি পৰিৱেশৰ মাজত কালি দৰা ঘৰীয়া হৈ কন্যা নিবলৈ আহিল সাংসদ তপন গগৈ, বিধায়ক ক্ৰমে যোগেন মোহন, বিমল বৰা, ৰিতুপৰ্ণ বৰুৱাৰ লগতে দলীয় বহু নেতা কৰ্মী ।
Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.