ETV Bharat / state

কৃষকক সহায়ৰ উদ্দেশ্যে পথাৰত নামিল বিধায়ক পোনাকণ বৰুৱা - কৃষকক সহায়ৰ উদ্দেশ্যে পথাৰত নামিল বিধায়ক পোনাকণ বৰুৱা

বানপানীত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে আগতীয়াকৈ কঠিয়া সিঁচি এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই । স্থানীয় খেতিয়কৰ সৈতে বিধায়ক গৰাকীয়ে চাবুৱাৰ বিশ মাইলৰ বগৰীতলীয়া আধাৰ সত্ৰৰ চৌহদৰ খেতিৰ মাটিত চৰকাৰে প্ৰদান কৰা ৰঞ্জিত ধানৰ কঠিয়া সিঁচিলে ।

Chabua mla
পথাৰত নামিল বিধায়ক পোনাকণ বৰুৱা
author img

By

Published : Jun 17, 2021, 9:34 PM IST

মৰাণ,১৭ জুন: ডিব্ৰুগড় জিলাৰ চাবুৱা বিধানসভা সমষ্টিত বহু কৃষকৰ খেতি বাৰিষাৰ বানপানীয়ে(Flood) প্ৰতি বছৰে নষ্ট কৰি আহিছে । কিন্তু এইবাৰ বানপানীত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে আগতীয়াকৈ কঠিয়া সিঁচি এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ।

Chabua mla
পথাৰত নামিল বিধায়ক পোনাকণ বৰুৱা

বানপানীয়ে কঠিয়া নষ্ট কৰিলে কৃষকে বিনামূল্যে লাভ কৰিব পৰাকৈ এইদৰে এক পদক্ষেপ হাতত লৈ বিধায়ক গৰাকীয়ে পথাৰত নামি কঠিয়া সিঁচা দেখিবলৈ পোৱা গ'ল । চাবুৱাত গৰুহাল লৈ পথাৰত হাল বালে বিধায়কগৰাকীয়ে । মিত্ৰজোঁট চৰকাৰৰ বিধায়ক গৰাকীয়ে নিজে ধানৰ কঠিয়া সিঁচি খেতিয়ক ৰাইজক উৎসাহিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিলে বিধায়কগৰাকীয়ে ।

Chabua mla
পথাৰত নামিল বিধায়ক পোনাকণ বৰুৱা

স্থানীয় খেতিয়কৰ সৈতে বিধায়ক গৰাকীয়ে চাবুৱাৰ বিশ মাইলৰ বগৰীতলীয়া আধাৰ সত্ৰৰ চৌহদৰ খেতিৰ মাটিত চৰকাৰে প্ৰদান কৰা ৰঞ্জিত ধানৰ কঠিয়া সিঁচিলে । বৰ্তমানৰ চৰকাৰ খনৰ কৃষি বিভাগৰ আঁচনিৰ দ্বাৰা খেতিয়কে উপকৃত হ’ব পৰাকৈ ধানৰ উন্নত জাতৰ বীজ আৰু সাৰ প্ৰয়োগেৰে লাভৱান হ’ব বুলি বিধায়ক গৰাকীয়ে আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক:দীপৰ বিলৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৰে'লৱে ট্ৰেক স্থানান্তৰিত কৰাৰ চিন্তা-চৰ্চা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.