টিংখাং, 22 মে': ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ বহিঃৰাজ্যৰ পৰা হাজাৰ হাজৰ লোক আহি অসমত প্ৰৱেশ কৰাৰ পাছতেই ৰাজ্যত বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ এই সময়খিনিতে বহিঃৰাজ্যৰ পৰা আহি অসমৰ নিজ গাঁৱত উপস্থিত হোৱা লোক সকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে টিংখাঙত ঘৰে ঘৰে গৈ উপস্থিত হৈছে বিধায়ক বিমল বড়াৰ লগতে প্ৰশাসনৰ এটা দল ৷ টিংখাঙৰ নিজ নিজ ঘৰত প্ৰৱেশ কৰা অধিকাংশ বহিঃৰাজ্যৰ পৰা অহা লোকেই সতৰ্কতা অৱলম্বন নকৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই এই পদক্ষেপ হাতত লোৱা বুলি জনাই বিধায়ক গৰাকীয়ে ৷
উল্লেখ্য যে, ত্ৰিপুৰাৰ লগতে অন্য ৰাজ্যৰ পৰা ইতিমধ্যে ডিব্ৰুগড় জিলাৰ টিংখাঙত প্ৰৱেশ কৰিছে 150 জনৰো অধিক লোক ৷ যিসকল লোকক বহিঃৰাজ্যৰ পৰা কাজিৰঙাৰ স্কিনিং চেন্টাৰত স্বাস্থ্য পৰীক্ষা কৰি চাৰিদিন অতিক্ৰম কৰাৰ অন্তত 14 দিনৰ হোম কুৱাৰেণ্টাইনলৈ পঠোৱা হৈছে তেঁওলোকে বৃহস্পতিবাৰে সন্ধিয়া টিংখাঙৰ নিজ নিজ ঘৰত প্ৰৱেশ কৰে ৷ কিন্তু এই সকল লোকৰ অধিকাংশই বিশেষ সতৰ্কতা অৱলম্বন নকৰাৰ অভিযোগ উত্থাপিত হয় ৷ ফলত শুকুৰবাৰৰ পুৱাৰে পৰা টিংখাঙৰ বিধায়ক বিমল বড়াৰ নেতৃত্বত স্থানীয় প্ৰশাসনিক বিষয়া, আৰক্ষী বিষয়া, স্বাস্থ্য কৰ্মী, স্থানীয় গাওঁবুঢ়াসহ এটা দলে বহিৰাজ্যৰ পৰা অহা প্ৰতি গৰাকী লোকৰ ঘৰে ঘৰে গৈ তেওঁ লোকক চৰকাৰী নীতি নিৰ্দেশনা আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনায় সজাগতা বৃদ্ধি কৰে ৷
লগতে পঢ়কঃ আজিৰে পৰা নিৰ্বাচিত ৰে'লৱে ষ্টেচনৰ কাউন্টাৰত উপলব্ধ হ'ব টিকট