টিংখাং, 21 জুন : টিংখাং সমষ্টিৰ ৰাইজে দ্বিতীয়বাৰৰ বাবে সেৱা আগবঢ়োৱাৰ সুযোগ দিয়া সমষ্টিটোৰ বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী বিমল বৰাই সোমবাৰে সমষ্টিত উপস্থিত হৈ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে । সভাত মন্ত্ৰী বিমল বৰাই টিংখাংবাসীৰ আস্থা আৰু বিশ্বাসেই সমষ্টিটোৰ সৰ্বাংগীণ উন্নয়নৰ বাবে তেওঁক দেহে-মনে কাম কৰি যাবলৈ শক্তি যোগাইছে বুলি মন্তব্য কৰে । তেওঁ সমষ্টিৰ সৰ্বাংগীণ উন্নয়নৰ দিশত এতিয়াও যথেষ্ট সতৰ্ক আৰু দ্বায়বদ্ধ বুলি উল্লেখ কৰে ।
মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ উপস্থিতিত ৰাজগড়স্থিত জিলা পৰিষদ ভৱনৰ প্ৰেক্ষাগৃহত সকলো বিভাগৰ বিষয়ববীয়া, প্ৰশাসনৰ উচ্চপদস্থ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু সকলো বিভাগৰ অভিযন্তাসকলৰ সৈতে এক পর্যালোচনা সভাৰ আয়োজন কৰে । তেওঁ লগতে, সমষ্টিটোত এইপর্যন্ত অসম্পূৰ্ণ হৈ ৰোৱা বিভিন্ন প্ৰকল্প আৰু আঁচনিৰ কাম-কাজসমূহক গুৰুত্ব সহকাৰে লৈ দ্ৰুতগতিত সম্পূৰ্ণ কৰিবলৈ বিভাগসমূহৰ বিষয়াক নিৰ্দেশ দিয়ে । জিলাখনৰ উন্নতিৰ বাবে অধিক তৎপৰ হৈ পৰিছে সমষ্টিটোৰ বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী বিমল বৰা ৷
লগতে পঢ়ক : কি আছে নতুন ক’ভিড নিৰ্দেশনাত...