ETV Bharat / state

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক প্ৰশ্নকাকত ফাদিলঃ বিধায়ক বিমল বৰাৰ প্ৰতিক্ৰিয়া - ৰাজ্য কপোৱা SI কেলেংকাৰী

বিধায়ক বিমল বৰাৰ নাম ৰাজ্য কপোৱা SI কেলেংকাৰীত জড়িত থকাৰ পাছত প্ৰথমবাৰৰ বাবে মুখ খুলিছে বিধায়কগৰাকীয়ে। কোভিডৰ পৰা আজি মুক্তি লাভ কৰিয়েই সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া বিমল বৰাৰ ।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত বিধায়ক বিমল বৰাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Sep 30, 2020, 6:22 PM IST

টিংখাং, 30 ছেপ্টেম্বৰ : বহুচৰ্চিত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ সৈতে সাঙোৰ খাইছিল বিজেপি বিধায়ক বিমল বৰাৰ নাম ৷ ডিব্ৰুগড় টিংখাঙৰ বিধায়ক বিমল বৰাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ ।

বিধায়ক বিমল বৰাৰ প্ৰতিক্ৰিয়া

মহামাৰী কোভিড-19ত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ পাছত আজি ওলাই আহিয়েই বহু চৰ্চিত SI পৰীক্ষাত নিজৰ নাম সাঙোৰ খাই থকা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কোনো কাৰণতে জড়িত নথকাৰ কথা সদৰী কৰে বিধায়কগৰাকীয়ে। নিবনুৱাৰ স্বাৰ্থত তেওঁ সমষ্টিত কচিং চেন্টাৰ খুলিছিল । বিধায়ক হিচাপে পূৰ্বেও যিকোনো চাকৰিৰ ক্ষেত্ৰত প্ৰশিক্ষণ শিবিৰ খুলি প্ৰশিক্ষণ প্ৰদান কৰি অহা বুলি মন্তব্য প্ৰদান কৰে বিধায়ক বিমল বৰাই ৷ আনহাতে প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে বিধায়কগৰাকীয়ে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে CBI তদন্ত দিয়াক আদৰণি জনাই তদন্তৰ ক্ষেত্ৰত সহযোগিতা বিচাৰিলে সহযোগিতা আগবঢ়াব বুলি কয় বিধায়কগৰাকীয়ে ।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত বিধায়ক বিমল বৰাৰ প্ৰতিক্ৰিয়া

উল্লেখযোগ্য যে,কোভিড-19ত আক্ৰান্ত হৈ দীৰ্ঘদিন অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল বিধায়কগৰাকী ৷ বুধবাৰে কোভিডৰ ফলাফল নিগেটিভ অহাৰ পাছত আজি চিকিৎসা মহাবিদ্যালয়ৰ পৰা ওলাই আহে বিধায়ক বৰাই ৷ বৰাক নিজ সমষ্টিৰ প্ৰায় 10 সহস্ৰাধিক ৰাইজে আদৰি নিয়ে । ডিব্ৰুগড়ৰ দিহিং নদীৰ খামটিঘাত দলং পাৰ হৈ টিংখাং সমষ্টিত ভৰি দি সেৱা কৰি কোভিডত জয়ী হোৱা বিধায়কে একপ্ৰকাৰৰ নিৰ্বাচনী ৰণশিঙা বজায় । সৰ্মথকসকলেও বিমল বৰা জিন্দাবাদ ধ্বনিৰে বিভিন্ন শ্লগানেৰে বিধায়কক সমদলেৰে আদৰি নিয়ে। আনহাতে কোনো সামাজিক দূৰত্ব নমনাকৈ ব্যাপক ঠেলা-হেচাৰ জৰিয়তে প্ৰায় দহ সহস্ৰাধিক সৰ্মথকে আদৰি নিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এইয়া তেওঁৰ বিগত চাৰিবছৰীয়া কৰ্যকালৰ মৰম বুলি কয় ।

লগতে পঢ়ক : কংগ্ৰেছীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক নিন্দা বিৰোধী দলপতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.