ETV Bharat / state

ডিব্ৰুগড়ত 'মিছন ৰামধেনু'ৰ শুভাৰম্ভণি - পলিঅ'

গৰ্ভৱতী মহিলা আৰু শিশুৰ সুৰক্ষাৰ বাবে বুধবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে 'মিছন ৰামধেনু' । বৃহস্পতিবাৰে ডিব্ৰুগড়ত 'মিছন ৰামধেনু'ৰ শুভাৰম্ভণি কৰা হয় । 'মিছন ৰামধেনু'ৰ উদ্বোধনী কাৰ্যসূচীত উপস্থিত থাকে উপায়ুক্ত পল্লৱ গোপাল ঝা(Pallab Gopal Jha) ।

Mission Ramdhenu started at Dibrugarh District
ডিব্ৰুগড়ত 'মিছন ৰামধেনু'ৰ শুভাৰম্ভণি
author img

By

Published : Jul 8, 2021, 10:39 PM IST

মৰাণ, ৮ জুলাই: সমগ্ৰ দেশ তথা ৰাজ্যত ক'ভিড-১৯(COVID-19) মহামাৰীৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ বাবে শিশুৰ বিনামূলীয়া ৰোগ প্ৰতিৰোধী টীকাকৰণ প্ৰক্ৰিয়াও স্তব্ধ হৈ পৰিছিল । ফলত কণ কণ শিশুসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত এক প্ৰকাৰ ভাবুকি আহি পৰিছে । বিগত বৰ্ষৰ পৰাই শিশুসকলক ৰোগ প্ৰতিৰোধী প্ৰতিষেধক প্ৰদান কৰা হোৱা নাই । 'বৰ্ধিত মিছন ৰামধেনু-২০২১'(MISSION RAMDHENU)ৰ জৰিয়তে ৰোগ প্ৰতিৰোধী প্ৰতিষেধকসমূহ প্ৰদান কৰাৰ পৰিকল্পনা কৰিছিল ৰাজ্যৰ স্বাস্থ্য বিভাগে ।

Mission Ramdhenu started at Dibrugarh District
ডিব্ৰুগড়ত 'মিছন ৰামধেনু'ৰ শুভাৰম্ভণি

ক'ভিড-১৯ৰ বাবে স্বাস্থ্য বিভাগৰ এই পৰিকল্পনা বাস্তৱায়িত কৰাত বাধাৰ সৃষ্টি হৈছিল যদিও বুধবাৰৰ পৰা টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় । গৰ্ভৱতী মহিলা আৰু শিশুৰ সুৰক্ষা প্ৰদানৰ বাবে ডিব্ৰুগড়তো বৃহস্পতিবাৰে 'বৰ্ধিত মিছন ৰামধেনু-২০২১' শুভাৰম্ভণি কৰা হয় । ডিব্ৰুগড় জিলাৰ ৰাজ্যিক ঔষধালয়ৰ প্ৰাংগণত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ উপস্থিতিত 'বৰ্ধিত মিছন ৰামধেনু-২০২১' আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হয় । মিছন ৰামধেনুৰ জৰিয়তে টীকাকৰণ কৰি গৰ্ভৱতী মহিলা আৰু শিশুৰ বিভিন্ন ৰোগ প্ৰতিহত কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ।

তিনিটা পৰ্যায়ত এই টীকাকৰণ অভিযান সম্পন্ন কৰা হ'ব । ৭ জুলাইৰ পৰা ১৩ জুলাইলৈ, ৭-১৩ আগষ্টলৈকে আৰু ৭-১৩ ছেপ্তেম্বৰৰ ভিতৰত এই অভিযান সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্য স্থিৰ কৰিছে স্বাস্থ্য বিভাগে ।

আজিৰ উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ড৹ কৃষ্ণা কেম্প্ৰাই, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ড৹ নৱজ্যোতি গগৈ আৰু জিলা টীকাকৰণ বিষয়া ড৹ বিশ্বজিত বৰুৱাও উপস্থিত থাকে । পলিঅ', জাপানীজ এনকেফেলাইটিজ, হেপাটাইটিছ বি, সৰু আই, ডায়েৰিয়া, নিউমোনিয়া, যক্ষ্মাকে ধৰি ১৩ টা ৰোগৰ পৰা শিশুসকলক সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বিশেষ সাপ্তাহিক টীকাকৰণ অভিযান আৰম্ভ কৰিছে । স্বাস্থ্য বিভাগৰ এই পদক্ষেপে মহামাৰীৰ সংকটৰ সময়ত ৰোগ প্ৰতিৰোধী টীকাকৰণৰ পৰা বঞ্চিত শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি আহি পৰা আশংকা কিছু পৰিমাণে নোহোৱা কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:18 টা হাতীৰ মৃত্যুৰ তদন্ত কৰিব খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.