ETV Bharat / state

নতুন বছৰত ডিব্ৰুগড়ত এক লাখ ৭৫ হাজাৰ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড : ৰণজিৎ কুমাৰ দাস

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 8:29 PM IST

১০ নতুন বছৰ জানুৱাৰীৰ ভিতৰত ৰাজ্যত ৪০ লাখ নতুন হিতাধিকাৰীক চৰকাৰে ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি মন্তব্য় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । ডিব্ৰুগড়ৰ মোহনবাৰীত বিকশিত ভাৰত সংকল্প যাত্ৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে কয় ।

Dibrugarh Guardian Minister Ranjit Kumar Das
ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

মৰাণ, ১৩ ডিচেম্বৰ: সমাগত লোকসভা নিবাৰ্চনৰ প্ৰাকক্ষণত ৰাজ্যজুৰি বিজেপি চৰকাৰে আৰম্ভ কৰিছে বিকশিত ভাৰত সংকল্প যাত্ৰা ৰ্শীৰ্ষক কাৰ্যসূচী । এই বিকশিত ভাৰত সংকল্প যাত্ৰা ৰ্শীৰ্ষক কাৰ্যসূচীৰ জড়িয়তে পঞ্চায়তে পঞ্চায়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি সমূহৰ বিষয়ে ৰাইজক পুনৰ অৱগত কৰোৱাৰ চেষ্টা কৰিছে । আজি ডিব্ৰুগড় লাহোৱালৰ মোহনবাৰীত লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত মোহনবাৰী গাওঁ পঞ্চায়তৰ সমীপত অনুষ্ঠিত বিকশিত ভাৰত সংকল্প যাত্ৰা ৰ্শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

বিকশিত ভাৰত সংকল্প যাত্ৰা ৰ্শীৰ্ষক অনুষ্ঠানত অংশ লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়,"নতুন বছৰত ৰাজ্যত ৪০ লাখ নতুন হিতাধিকাৰীক চৰকাৰে ৰেচন কাৰ্ড প্ৰদান কৰিব ।" সমান্তৰালকৈ ডিব্ৰুগড়ত এক লাখ ৭৫ হাজাৰ আৰু লাহোৱালত ২৩ হাজাৰ লোকক নতুন ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় ।

ইপিনে, এই বিকশিত ভাৰত সংকল্প যাত্ৰা ৰ্শীৰ্ষক অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰাইজৰ সৈতে মত বিনিময় কৰি ৰাইজে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি সমূহৰ কেনেদৰে সুবিধা লাভ কৰিছে সেই বিষযে বুজ লয় । তেওঁ এইক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে । এই অনুষ্ঠানত বিধায়ক বিনোদ হাজৰিকা, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি লাহোৱাল সমষ্টিৰ পঞ্চায়ত প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:অবৈধ বিদেশী সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা : ঘোষিত বিদেশীৰ নাথাকিব মাটিৰ অধিকাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.