ETV Bharat / state

ৰাজ্যবাসীলৈ সকাহ : ৰাজ্যত নহয় বিদ্যুতৰ নাটনি - শক্তিমন্ত্ৰী বিমল বৰা

অসম শক্তি বিতৰণ কোম্পানীয়ে সোমবাৰে ৰাজ্যত পূজাৰ বতৰত লোড শ্বেডিঙৰ আশংকাক লৈ এক জাননী জাৰি কৰিছিল ৷ ইয়াৰ পিছতে ৰাইজৰ মাজত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ মাজতে বুধবাৰে মৰাণত শক্তিমন্ত্ৰী বিমল বৰাই ৰাজ্যত বিদ্যুতক লৈ সৃষ্টি হোৱা সমস্যাৰ শক্তি বিভাগে সমাধান কৰাৰ কথা জানিবলৈ দিয়ে ৷

minister-bimal-borah-talking-about-power-shortage
ৰাজ্যবাসীলৈ সকাহ: ৰাজ্যত নহয় বিদ্যুৎ নাটনি
author img

By

Published : Oct 14, 2021, 2:23 PM IST

মৰাণ, 14 অক্টোবৰ : ৰাজ্যত কোনো ধৰণৰ বিদ্যুৎ নাটনি নহয় । বিদ্যুতক লৈ সৃষ্টি হোৱা সমস্যাৰ সমাধান কৰিছে ৰাজ্যৰ শক্তি বিভাগে । এই মন্তব্য ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাৰ ৷ অষ্টমী পূজাৰ সন্ধিয়া মৰাণ চহৰৰ মাজমজিয়াস্থিত দুৰ্গা পূজাৰ সমন্বয়ৰক্ষী কাৰ্যালয়ত উপস্থিত হৈ এই কথা সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷

দুৰ্গা পূজাৰ সমন্বয়ৰক্ষী কাৰ্যালয়ত মন্ত্ৰীগৰাকীয়ে মৰাণৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় । তেওঁ সপৰিয়ালে মৰাণৰ শিৱ মন্দিৰৰ দুৰ্গা পূজাৰ লগতে বহুকেইখন পূজাস্থলীত সেৱা লৈ ৰাজ্যবাসীৰ মংগল কামনা কৰে ।

ৰাজ্যবাসীলৈ সকাহ: ৰাজ্যত নহয় বিদ্যুৎ নাটনি

পূজাৰ দিনকেইটাত যাতে অসমৰ ৰাইজে বিদ্যুৎ সমস্যাত নপৰে তাৰ বাবে ৰাজ্যৰ বিদ্যুৎ বিভাগে অধিক ধন খৰচ কৰি বিভিন্ন কোম্পানীৰ পৰা বিদ্যুৎ ক্ৰয় কৰিছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে পূজাৰ দিনকেইটাত বিদ্যুৎ বিভাগে ১৫ কোটিৰ পৰা ১৮ কোটি টকা অধিক খৰচ কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : মাস্ক পৰিধান কৰি দেৱীৰ আশীষ ল’লে বৰপথাৰৰ ধৰ্মপ্ৰাণ ৰাইজে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.