ETV Bharat / state

Distribution of potato seeds: PEPSI CO ৰ চিপছ উদ্যোগক যোগানৰ বাবে উন্নত প্ৰজাতিৰ আলু খেতিৰ যো-জা - tingkhong news

৭৭৮ কোটি পুঁজিৰে নিৰ্মাণ হ’বলগীয়া চিপছ উদ্যোগৰ বাবে টিংখাঙত উন্নত মানৰ আলুৰ বীজ বিতৰণ কৰিলে মন্ত্ৰী বিমল বড়াই ৷

distributes potato seeds
উন্নত প্ৰজাতিৰ আলু খেতি কৰিবলৈ ব্যৱস্থা গ্ৰহণ
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 10:24 AM IST

উন্নত প্ৰজাতিৰ আলু খেতি কৰিবলৈ ব্যৱস্থা গ্ৰহণ

ডিব্ৰুগড়, 11 নৱেম্বৰ : অসমৰ ঔদ্যোগিক খণ্ডলৈ আশাৰ বতৰা । বহুজাতিক কোম্পানী পেপছি ক’ ইণ্ডিয়া হল্ডিং প্ৰাইভেট লিমিটেড (PEPSI CO INDIA HOLDING PVT LIMITED) ৰ অধীনত নলবাৰীত স্থাপন হ’ব চিপছ নিৰ্মাণ কোম্পানী । অসম চৰকাৰৰ Customized industrial policy ৰ অধীনত ৭৭৮ কোটি পুঁজিৰে নিৰ্মাণ হ’বলগীয়া এই চিপছ উদ্যোগৰ বাবে বছৰি প্ৰায় ৫০ লাখ টন আলুৰ প্ৰয়োজন হ’ব ।

আলুৰ উক্ত চাহিদা পূৰণ কৰিবলৈ অসমৰ বহু কৃষকে আলু খেতিৰ সৈতে জড়িত হোৱাৰ সুবিধা লাভ কৰিব । আলুৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি টিংখাঙত মন্ত্ৰী বিমল বড়াই উন্নত মানৰ আলু খেতিৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে । ইতিমধ্যে "দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেড" ৰ অধীনত তথা মন্ত্ৰী বিমল বড়াৰ প্ৰচেষ্টাত PEPSI CO INDIA HOLDING PVT. LTD. ৰ সহযোগত টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং কেন্দুগুৰি আৰু খোৱাং কলৌলোৱাত মুঠ ৮০ বিঘা মাটিত উন্নত প্ৰজাতিৰ আলু খেতি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

এই উপলক্ষে শুকুৰবাৰে নিশা মন্ত্ৰী বিমল বড়াই আনুষ্ঠানিকভাৱে আলুৰ বীজসমূহ বিতৰণ কৰে। এই অনুষ্ঠানত জিলা আৰু স্থানীয় প্ৰশাসনিক বিষয়াৰ লগতে PEPSI Co ৰ কৃষি বিশেষজ্ঞ উপস্থিত থাকে । আনহাতে অসমত আগৰ অৰ্থাৎ সাঁচিপাত ব্যৱসায় সন্দৰ্ভতো মন্তব্য আগবঢ়ায় উদ্যোগ মন্ত্ৰী বিমল বড়াই । অতিশীঘ্ৰে গোলাঘাটৰ খুমটাইৰ আন্তঃৰাষ্ট্ৰীয় আগৰ ট্ৰেড চেন্টাৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে তেওঁ । অসম চৰকাৰৰ আগৰ পলিচিৰ দ্বাৰা সাঁচি গছৰ খেতিৰ জৰিয়তে বহু নিবনুৱা সংস্থাপিত হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : Minister Bimal Borah : টিংখাঙত হাতত হেতা-গামলা লৈ মন্ত্ৰী বিমল বড়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.