ETV Bharat / state

Captain Jintu Gogoi:কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্রতিযোগিতাৰ ট্ৰফী উন্মোচন

author img

By

Published : Feb 2, 2023, 1:38 PM IST

কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্রতিযোগিতাৰ ট্ৰফী উন্মোচন । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অষ্টাদশ সংখ্যক ফুটবল প্রতিযোগিতাৰ ট্ৰফী উন্মোচন কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই (Dibrugarh University)।

Jintu Gogoi Football Tournament Trophy unveiled
কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্রতিযোগিতা

মৰাণ, ২ ফেব্ৰুৱাৰী: ডিব্ৰুগড়ত কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্রতিযোগিতাৰ ট্ৰফী বুধবাৰে উন্মোচন কৰা হয় (Captain Jintu Gogoi Bir Chakra Football Tournament)। অইল ইণ্ডিয়া লিমিটেড আৰু ৰাজ্য চৰকাৰৰ সহযোগত তথা স্পিয়াৰ কৰ্পছৰ তত্বাৱধানত ৰেড্ শ্বিল্ড ডিভিজনৰ লাইপুলি ব্রিগেডৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অষ্টাদশ সংখ্যক কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্রতিযোগিতাৰ ট্ৰফী উন্মোচনীৰ অনুষ্ঠানটো অনুষ্ঠিত কৰে (Jintu Gogoi Football Tournament Trophy unveiled)। কালি অৰ্থাৎ বুধবাৰে আনুষ্ঠানিকভাৱে ট্ৰফী উন্মোচন কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ।

অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বড়াই কয়," দেশ মাতৃক ৰক্ষা কৰিবলৈ গৈ জীৱন বলিদান দি জিন্টু গগৈয়ে নিজৰ জীৱন মহান কৰি গৈছে (Culture Minister Bimal Bora)। তেওঁৰ সোঁৱৰণত যি ভাৰতীয় সেনাই এই খেল অনুষ্ঠিত কৰি আহিছে তাক লৈ আমি গৌৰৱ অনুভৱ কৰো ।" এই অনুষ্ঠানটোত লাইপুলি ব্রিগেডৰ কমাণ্ডাৰ, বাৰ টু সেনা মেডেল, ব্ৰিগেডিয়াৰ কে এছ গিল, অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য কাৰ্যবাহী প্ৰশান্ত বৰকাকতি উপস্থিত থাকে ।

এই জাকজমকতাপূৰ্ণ অনুষ্ঠানটোত সংবাদ মাধ্যমৰ উপৰি অসমৰ পৰিচিত বহুকেইগৰাকী ইনফ্লুৱেঞ্চাৰ, ব্লগাৰ, বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী আৰু তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ নিৰ্বাচিত অতিথিকে ধৰি ৪০০ৰো অধিক সন্মানীয় অতিথিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বিজয়ী ট্ৰফী, ৰানাৰ্ছ আপ ট্ৰফী আৰু ৰলিং ট্ৰফী উন্মোচন কৰা হয় । এই অনুষ্ঠানতে টুৰ্ণামেণ্টৰ থিম ছং "জীত লো" মুকলি কৰা হয় । উল্লেখ্য় যে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ দুলীয়াজান, ডিব্ৰুগড়, তিনিচুকীয়া আৰু ডিগবৈত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ ২৪ টা দলে অংশগ্ৰহণ কৰিব । ১৫ ফেব্ৰুৱাৰীত দুলীয়াজানৰ নেহেৰু ময়দানত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব ।

উল্লেখযোগ্য যে ১৯৭০ চনত জন্মগ্ৰহণ কৰা শ্বহীদগৰাকীয়ে ১৯৯৯ চনত কাৰ্গিল যুদ্ধত প্ৰাণ বিসৰ্জন দিছিল । মাত্ৰ ২৯ বছৰ বয়সতে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিয়া এইগৰাকী বীৰ শ্বহীদক শ্ৰদ্ধা জনাই ভাৰতীয় সেনা বাহিনীয়ে প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে এই প্ৰতিযোগিতা । গোলাঘাট জিলাৰ খুমটাইত জিণ্টু গগৈৰ জন্ম হৈছিল । তেওঁৰ পিতৃ ভাৰতীয় বায়ুসেনা বিভাগৰ এজন দক্ষ আৰু অভিজ্ঞ বিষয়া আছিল । জিণ্টু গগৈ ১৭ নং গাড়ৱাল ৰাইফলছৰ কেপ্টেইন আছিল । কাৰ্গিল যুদ্ধত বাটালিক ছেক্টৰৰ জুবাৰ কমপ্লেক্সৰ কালাপাথৰ ৰিঝ লাইনত ১৯৯৯ চনৰ ৩০ জুনত দায়িত্ব পালন কৰি থকাৰ সময়তে তেওঁ শ্বহীদ হয় ।

লগতে পঢ়ক:Sudden visit of Jogen Mohan: নগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাজহ মন্ত্ৰীৰ ছাডেন ভিজিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.