ETV Bharat / state

Tingkhong digital class room : পিতৃস্নেহ: স্বৰ্গীয় পিতৃৰ স্মৃতিত ডিজিটেল শ্ৰেণীকোঠা - স্বৰ্গীয় পিতৃৰ স্মৃতিত ডিজিটেল শ্ৰেণীকোঠা

টিংখাঙৰ ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ বাবে শ্ৰেণীকোঠাৰ অভাৱ পূৰণ কৰিলে অঞ্চলটোৰে মদন হাজৰীকা নামৰ এগৰাকী উদ্যোগীয়ে । স্বৰ্গীয় পিতৃৰ নামত ডিজিটেল শ্ৰেণীকোঠাটো আগবঢ়ালে (Digital classroom in memory of late father)। শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী বিমল বড়াই ।

Tingkhong digital class room
স্বৰ্গীয় পিতৃৰ স্মৃতিত ডিজিটেল শ্ৰেণীকোঠা
author img

By

Published : Dec 1, 2022, 6:51 PM IST

টিংখাং,১ ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এগৰাকী উদ্যোগীৰ আদৰণীয় পদক্ষেপ । সমাজৰ প্ৰতি দায়বদ্ধ ব্যক্তিগৰাকীয়ে এখন বিদ্যালয়লৈ আগবঢ়াইছে এটা ডিজিটেল শ্ৰেণীকোঠা । পিতৃৰ নামত উছৰ্গিত শ্ৰেণীকোঠাটোৰ বৃহস্পতিবাৰে আধাৰশিলা স্থাপন কৰা হয় ।

স্বৰ্গীয় পিতৃৰ স্মৃতিত ডিজিটেল শ্ৰেণীকোঠা

ব্যক্তিগৰাকী হৈছে টিংখাঙৰ উদ্যোগী মদন হাজৰীকা । পিতৃৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধাৰ লগতে পিতৃৰ স্মৃতি সমাজত সজীৱ কৰি ৰখাৰ লক্ষ্যৰে টিংখাঙৰ মদন হাজৰীকাই পিতৃ প্ৰয়াত টেপুৰাম হাজৰীকাৰ নামত শ্ৰেণীকোঠাতো আগবঢ়াইছে (Digital classroom in memory of late father)।

উল্লেখ্য যে টিংখাঙৰ ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ বাবে শ্ৰেণীকোঠাৰ অভাৱ আছিল । ছাত্ৰ-ছাত্ৰীৰ সেই অভাৱৰ কথা মদন হাজৰীকাই গম পাইছিল । লগে লগে চৰকাৰী অনুদানৰ বাবে অপেক্ষা নকৰি নিজৰ গাঁঠিৰ ধন খৰচ কৰি তেওঁ বিদ্যালয়খনলৈ এটা ডিজিটেল শ্ৰেণীকোঠা আগবঢ়োৱাৰ সিদ্ধান্ত লয় । বৃহস্পতিবাৰে উক্ত ডিজিটেল শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন কৰে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াই (Bimal Bora lays foundation stone of Class room)।

স্বৰ্গীয় টেপুৰাম হাজৰীকাৰ স্মৃতিত পুত্ৰ মদন হাজৰীকাই দান কৰা শ্ৰেণীকোঠাটোৰ আধাৰশিলা অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন মুকলি সভাও অনুষ্ঠিত হয় । সভাখনত মন্ত্ৰী বড়াই ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি মনোযোগ দিবলৈ আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক মঞ্চৰ কাষলৈ মাতি আনি পঢ়াৰ লগতে জীৱন বাটত আগবাঢ়ি যাব পৰা বহু ধৰণৰ নীতি-শিক্ষা প্ৰদান কৰে । ইফালে মদন হাজৰীকাৰ এই পদক্ষেপৰ বাবে তেওঁ আদৰণিও জনায় ।

মদন হাজৰীকাই জনোৱা মতে তেওঁ বিদ্যালয়খনৰ অভাৱৰ কথা গম পোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । আগন্তুক ২-৩ মাহৰ ভিতৰত শ্ৰেণীকোঠাৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ব বুলিও তেওঁ আশাবাদী । আধাৰশিলা স্থাপন কাৰ্যসূচীত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থীৰ লগতে অঞ্চলটোৰ বিভিন্ন লোক উপস্থিত থাকে । ইফালে মদন হাজৰীকাৰ পিতৃস্নেহ দেখি বহুলোক আপ্লুত হোৱা বুলিও স্বীকাৰ কৰিছে । তেওঁৰ এই পদক্ষেপ একেমুখে প্ৰশংসাও কৰিছে বিভিন্নজনে ।

লগতে পঢ়ক :DU ragging incident: কঠোৰ হাতেৰে দমন কৰা হ’ব ৰেগিং: মুখ্যমন্ত্ৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.