ETV Bharat / state

Trade Fair in Dibrugarh:ডিব্ৰুগড়ত বাণিজ্য মেলাত দেশ বিদেশৰ বিপণীৰ অংশগ্ৰহণ - ডিব্ৰুগড়ৰ চৌকিডিঙীত বাণিজ্য মেলা

ডিব্ৰুগড়ত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে অনুষ্ঠিত কৰা বাণিজ্য মেলা উদ্বোধন । দেশ বিদেশৰ বিপণীয়ে অংশ লোৱা বাণিজ্য মেলাত ৰাইজৰ ব্যাপক সঁহাৰি ।

Trade Fair at Chaukidingi in Dibrugarh
ডিব্ৰুগড়ৰ চৌকিডিঙীত বাণিজ্য মেলা
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 5:03 PM IST

ডিব্ৰুগড়ৰ চৌকিডিঙীত বাণিজ্য মেলা

মৰাণ, ২৯ ছেপ্টেম্বৰঃ অসমৰ থলুৱা উদ্যোগীসকলক এখন উপযুক্ত বজাৰ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ডিব্ৰুগড়ৰ চৌকিডিঙীত ১১ দিনীয়া বাণিজ্য মেলা অনুষ্ঠিত কৰিছে । ডিব্ৰুগড়ত চৌকিডিঙ্গীত অনুষ্ঠিত হৈছে ডিব্ৰুগড় বাণিজ্য মেলা । ২৮ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ অনুষ্ঠিত এই বাণিজ্য মেলাত বৃহস্পতিবাৰে সন্ধিয়া শুভাৰম্ভ কৰে উদ্যোগ মন্ত্ৰী বিমল বড়াই । উজনি অসমৰ ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া, ধেমাজি আৰু চৰাইদেউ জিলাক সামৰি থলুৱা উদ্যোগী সকলৰ ব্যৱসায় সম্প্ৰসাৰণৰ উদ্দেশ্যে আয়োজন কৰা এই বাণিজ্য মেলাত দেশ বিদেশৰ মুঠ ১৪১ খন বাণিজ্য বিপণীয়ে অংশগ্ৰহণ কৰিছে ।

ৰাজ্যখনৰ ১০০ খনৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ ৪০ আৰু আফগানিস্তানৰ এখন বিপণীয়ে অংশগ্ৰহণ কৰিছে । এই অনুষ্ঠানটোত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰী বিমল বড়াই কয় যে উৎপাদিত সামগ্ৰীৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে বিপননৰ । বজাৰৰ সৈতে ব্যৱসায়ীক সংযোগ ঘটোৱাৰ উদ্দেশ্যে অসম বাণিজ্য উন্নয়ন সংস্থা গঠন কৰা হৈছিল । ৰাজ্যখনৰ ৮ টা স্থানত উদ্যম নামেৰে বাণিজ্য মেলা অনুষ্ঠিত কৰি উদ্যোগী সকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল ।

ডিব্ৰুগড়ত প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা এই বাণিজ্য মেলাৰ জৰিয়তে থলুৱা উদ্যোগী ব্যৱসায়ীসকল যথেষ্ট লাভান্বিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে । এই অনুষ্ঠানত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব এছ লক্ষ্মণন, ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী, অসম বাণিজ্য উন্নয়ন সংস্থাৰ উপাধ্যক্ষ মধুৰাম ডেকা, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, অসম পেট্ৰকেমিকেলছ লিমিটেডৰ উপাধ্যক্ষ হেমন্ত গগৈ, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উল্লেখযোগ্য যে ৰাজ্যৰ থলুৱা উদ্যোগীসকলক উৎসাহিত কৰিবলৈ ৰাজ্যৰ বিভিন্ন জিলাত প্ৰতিবছৰে অসম বাণিজ্য উন্নয়ন সংস্থাই আয়োজন কৰিব বাণিজ্য মেলা । ডিব্ৰুগড়ত অনুষ্ঠিত এই বাণিজ্য মেলাৰ স্থানতেই ৰচনা আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে । অহা ৭ অক্টোবৰত ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, ধেমাজি জিলাৰ মহাবিদ্যালয়ত ছাত্ৰ- ছাত্ৰীৰ মাজত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিব । তৰ্ক প্ৰতিযোগিতাৰ বিষয় সদনৰ মতে, পৰিবৰ্তনশীল সমাজত উদ্যমিতা অনুসৰণ, চাকৰিমুখী সংস্কৃতিৰ তুলনাত বহু পৰিমাণে শ্ৰেষ্ঠতৰ গঠনমূলক বিকল্প । আনহতে, ৩০ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাজত "মোৰ জীৱনৰ লক্ষ্য " বিষয়ত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:2023 Cricket World Cup : বৰ্ষাপাৰাত ক্ৰিকেট চাবলৈ আহোতে দৰ্শক সকলে কেনেধৰণৰ নিৰ্দেশনাৱলী মানি চলিব লাগিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.