ETV Bharat / state

Adarsha Vidyalaya in Charaideo: চৰাইদেউ জিলাৰ প্ৰথমখন চৰকাৰী ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ - Minister Ajanta Neog

চৰাইদেউ জিলাত আদৰ্শ বিদ্যালয় উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ ৷ বিদ্যালয়খন উদ্বোধন কৰি অজন্তা নেওগে কয় যে, এই অঞ্চলত আজিৰে পৰা শৈক্ষিক পৰিৱেশৰ উত্তৰণ ঘটিব ৷

Adarsha Vidyalaya in Charaideo
আদৰ্শ বিদ্যালয় উদ্বোধন কৰিলে মন্ত্ৰী অজন্তা নেওগে
author img

By

Published : Jun 19, 2023, 10:57 PM IST

চৰাইদেউত মন্ত্ৰী অজন্তা নেওগ

ডিব্ৰুগড়, 18 জুন: চৰাইদেউ জিলাৰ প্ৰথমখন চৰকাৰী ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় উদ্বোধন কৰিলে মন্ত্ৰী অজন্তা নেওগে ৷ কেবিনেট মন্ত্ৰী যোগেন মহনৰ সমষ্টিত বোকাময় পথেৰে খোজকাঢ়ি আহি মাহমৰা আদৰ্শ বিদ্যালয় উদ্বোধন কৰিলে বিত্ত মন্ত্ৰী অজন্তা নেওগে ৷

বাগিছা অঞ্চলত শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ বাবে অসম চৰকাৰে বাগিচা সমূহত আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় স্তৰৰ গুণগত স্কুলীয়া শিক্ষা প্ৰদানেৰে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী সকলক আগুৱাই নিয়াৰ বাবে ৰাজ্যত কেইবাখনো আদৰ্শ বিদ্যালয় স্থাপন কৰিছে ৰাজ্য চৰকাৰে ৷ সোমবাৰে চৰাইদেউ জিলাৰ মাহমৰা আদৰ্শ বিদ্যালয় উদ্বোধন কৰিলে মন্ত্ৰী অজন্তা নেওগে ৷ কেবিনেট মন্ত্ৰী যোগেন মহনৰ সমষ্টিত বোকাময় পথেৰে খোজকাঢ়ি আহি মন্ত্ৰী অজন্তা নেওগে উদ্বোধন কৰিলে মাহমৰা আদৰ্শ বিদ্যালয় ৷

চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ বালিজানত উদ্বোধন কৰা হ'ল এই আদৰ্শ বিদ্যালয়খন ৷ পূৰ্বৰ বালিজান মধ্য ইংৰাজী বিদ্যালয় আৰু বালিজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাত আৰম্ভ কৰা বিদ্যালয়খন সোমবাৰে উদ্বোধন কৰিলে বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰীগৰাকীয়ে ৷ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলাৰ উপায়ুক্ত নিবেদন দাস পাটোৱাৰীৰ উপস্থিতিত উদ্বোধন কৰা ইংৰাজী মাধ্যমৰ এই বিদ্যালয়খনত বৰ্তমান প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে নামভৰ্তি চলিছে ৷

এই বিদ্যালয়খন উদ্বোধন কৰি অজন্তা নেওগে কয় যে, এই অঞ্চলত আজিৰে পৰা শৈক্ষিক পৰিৱেশৰ উত্তৰণ ঘটিব ৷ দেশৰ ভিতৰত অসমক আগুৱাই নিবলৈ শিক্ষাক গুৰুত্ব দিবই লাগিব ৷ সেয়ে ৰাষ্ট্ৰীয় স্তৰৰ গুণগত স্কুলীয়া শিক্ষা প্ৰদানৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ উল্লেখযোগ্য যে বিদ্যালয়লৈ যোৱা পথচোৱাৰ উন্নয়নৰ ব্যৱস্থা আজি পৰ্যন্ত কৰা নহ'ল ৷ ফলত বিদ্যালয়ৰ পৰা বহুখিনি আঁতৰত গাড়ী থৈ খোজকাঢ়ি বিদ্যালয়লৈ আহিব লগা হ'ল মন্ত্ৰী, বিধায়ক, বিষয়াসকল ৷

লগতে পঢ়ক : Moidams in Tingkhong: টিংখাঙৰ ঐতিহাসিক মৈদাম সংৰক্ষণ কৰি পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ দাবী তাই আহোম ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.