ETV Bharat / state

প্ৰান্তিকল পক্ষীৰ কলৰৱত মুখৰিত বুঢ়ীদিহিং নৈৰ চাপৰি

author img

By

Published : Dec 14, 2021, 8:33 PM IST

নাহৰকটীয়াৰ বুঢ়ীদিহিং নৈৰ বালি চাপৰিত এতিয়া পৰিভ্ৰমী পক্ষীৰ সভা (Migratory birds in Burhidihing river bank)৷ হাজাৰ হাজাৰ মাইল পৰিভ্ৰমণ কৰি অসমলৈ আহিছে দেশী-বিদেশী অজস্ৰ পক্ষী ৷ প্ৰান্তিকলৰ উৰণ ভংগীমাই বুঢ়ীদিহিং নৈৰ পাৰলৈ হাত বাউল দি মাতিছে প্ৰকৃতিপ্ৰেমীক ৷

Migratory Bird
বুঢ়ীদিহিং নৈৰ চাপৰিত পৰিভ্ৰমী পক্ষীৰ সভা

মৰাণ, 14 ডিচেম্বৰ : শীত নামি অহাৰ লগে লগে আমাৰ চকুত ভাঁহি উঠে এখন চিনাকী ছবি ৷ সোণোৱালী ধান, কুঁৱলীৰ শুকুলা আৱৰণ আদিৰ লগতে বিল-পিতনি আদিত দেখা যায় বিভিন্ন প্ৰকাৰৰ পক্ষীৰ মিলন মেলা (Migratory birds in Assam)৷ শীতত অসমলৈ আগমণ ঘটে অসংখ্য পৰিভ্ৰমী পক্ষীৰ ৷ জাতিংগা, দ্বীপৰ বিল আদিৰ লগতে অসমৰ প্ৰায়সমূহ জলাশয়ত দেখা যায় পক্ষীৰ জলকেলি ৷ শুনা যায় সুললিত কল্লোল ৷

নাহৰকটীয়াৰ বুঢ়ীদিহিং নৈৰ বালি চাপৰিতো এতিয়া দেখা গৈছে পৰিভ্ৰমী পক্ষীৰ সভা (Migratory birds on the bank Burhi Dihing river) ৷ হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি বুঢ়ীদিহিং নৈৰ পাৰলৈ আহিছে দেশী-বিদেশী অজস্ৰ পক্ষী ৷ বিশেষকৈ স্মল প্ৰান্তিকল পক্ষীৰ(Small Pranticle birds) কলৰৱত মুখৰিত নাহৰকটীয়াৰ বুঢ়ীদিহিং নৈৰ বালি চাপৰি ৷ প্ৰান্তিকল হৈছে পক্ষী পৰিয়ালৰ এবিধ সৰু পৰিভ্ৰমী চৰাই ৷ পশ্চিম পাকিস্তান, লাউছ, বাৰ্মা, ভিয়েটনাম কম্বোডিয়া, বাংলাদেশ, শ্ৰীলংকা আদিৰ লগতে পশ্চিম ভাৰতত ইয়াৰ দেখিবলৈ পোৱা যায় ।

তাল বতাহী চৰাইৰ উৰণ ভংগীমাৰে জাক পাতি উৰি পোক পতংগ চিকাৰ কৰি খোৱা এই চৰাইবিধৰ ঠেং দুটা আন চৰাইতকৈ বহু গুণে ছুটি । এতিয়া পুৱা-গধুলি বুঢ়ীদিহিং নৈৰ বালি চাপৰিত জাকে জাকে দেখিবলৈ পোৱা গৈছে প্ৰান্তিকল পক্ষী ।

প্ৰতিবছৰৰ দৰে এইবাৰো নাহৰকটীয়াৰ ইতিহাস প্ৰসিদ্ধ নামফাঁকে গাঁৱৰ বুঢ়ীদিহিং নৈৰ বালি চাপৰিত দেখা গ’ল প্ৰান্তিকল চৰাই ৷ বুঢ়ীদিহিং নৈৰ বালি চাপৰিত উমলি থকা এই চৰাইবিধৰ উৰণ ভংগীমাই সাধাৰণ মানুহৰ লগতে প্ৰকৃতিপ্ৰেমী ৰাইজকো হাত বাউল দি মাতিছে ।

লগতে পঢ়ক: হেমন্তৰ হৈমন্তিক আৱৰণৰ সময়তেই পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত মাজুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.