ETV Bharat / state

আংশিক লক ডাউনে বিপদত পেলাইছে ক্ষুদ্ৰ ব্যৱসায়ীসকলক

author img

By

Published : Jun 7, 2021, 7:20 AM IST

আংশিক লক ডাউনে বিপদত পেলাইছে মধ্যম শ্ৰেণীৰ ব্যৱসায়ীসকলক ৷ যাৰ বাবে দুই তিনি মাহলৈ ইএমআই পিছুৱাই দিবৰ বাবে চৰকাৰক অনুৰোধ ব্যৱসায়ীসকলৰ ৷

আংশিক লক ডাউনে বিপদত পেলাইছে ক্ষুদ্ৰ ব্যৱসায়ীসকলক
আংশিক লক ডাউনে বিপদত পেলাইছে ক্ষুদ্ৰ ব্যৱসায়ীসকলক

মৰাণ,7 জুন: ৰাজ্য চৰকাৰে ঘোষণা কৰা মিনি লক ডাউনৰ ফলত কাল অমানিশা নামি আহিছে ডাম্পাৰ-জেচিবিৰ ব্যৱসায়ীৰ লগতে চালকসকলৰ জীৱনলৈ । সান্ধ্য আইন আৰু আন্তঃজিলা যাতায়ত ব্যৱস্থা বন্ধ হোৱাৰ বাবে স্থবিৰ হৈ পৰিছে ব্যৱসায়ীসকলৰ কাম-কাজ । যাৰ বাবে দুবেলা-দুমুঠিৰ বাবে চিন্তা কৰিবলগীয়া হৈছে ব্যৱসায়ীসকলে ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাৰ পূৱ ৰাজহ চক্ৰৰ অধীনৰ মদাৰখাট পঞ্চায়তৰ অন্তৰ্গত ঘোঁৰামৰাৰ তপন দত্ত নামৰ ব্যৱসায়ীগৰাকীয়ে লক ডাউন সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ ব্যৱসায়ীজনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, জিলাখনৰ ২৫-৩০ টাকৈ পৰিয়ালৰ একমাত্ৰ ভৰষা হৈছে জেচিবি বা অন্যান্য তেনে কোনো বাহন ৷ জেচিবি চলাই পোৱা ধন একমাত্ৰ উপাৰ্জনৰ পথ পৰিয়ালকেইটাৰ ৷

কিন্তু ৰাজ্যত ঘোষণা হোৱা মিনি লক ডাউন আৰু আন্ত:জিলা যাতায়াত বন্ধ হোৱাৰ বাবে ঘোৰ অমানিশা নামি আহিছে পৰিয়ালকেইটালৈ ৷ উক্ত পৰিয়ালকেইটাই ঋণ লৈ ক্ৰয় কৰিছিল জেচিবি ৷ ব্যৱসায় বন্ধ হোৱাৰ বাবে এতিয়া ইএমআই দিয়াৰ ক্ষেত্ৰত সমস্যাত পৰিছে পৰিয়ালকেইটা ৷ যাৰ বাবে এনে সময়ত চৰকাৰে ব্যৱসায়ীসকলক কিছু সকাহ দিয়াৰ বাবে অন্তত দুই-তিনি মাহৰ ইএমআই পিছুৱাই দিবৰ বাবে অনুৰোধ জনাইছে ডিব্ৰুগড়ৰ যুৱ ব্যৱসায়ী তপন দত্তই ।

অন্য এক খবৰৰ বাবে: উদ্যোগ-বাণিজ্য বিভাগৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.