ETV Bharat / state

ডিব্ৰুগড়ত ২ অক্টোবৰত ২২২ টা কেন্দ্ৰত হ'ব মেগা ভেকচিনেচন

author img

By

Published : Oct 1, 2021, 8:14 PM IST

গান্ধী জয়ন্তী উপলক্ষে শনিবাৰে ডিব্ৰুগড়ত হ'ব মেগা ভেকচিন কেম্প ৷ সকলোকে ক'ভিড ভেকচিন ল'বৰ বাবে ওলাই আহিবলৈ আহ্বান ডিব্ৰুগড় জিলা উপায়ুক্তৰ ৷

২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনটোত ডিব্ৰুগড়ত হ'ব মেগা ভেকচিন কেম্প

মৰাণ, 1 অক্টোবৰ : গুৱাহাটী মহানগৰীৰ পাছতে ডিব্ৰুগড়ত ভয়ানকভাৱে বৃদ্ধি পাইছিল ক'ভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা । কিন্তু স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ তৎপৰতাত ডিব্ৰুগড়ৰ ক'ভিড পৰিস্থিতি কিছু সুস্থিৰ হৈ উঠিছে । ক'ভিড ভয়াৱহতা পুনৰ আহিলেও ডিব্ৰুগড়ৰ ৰাইজ যাতে সুস্থ হৈ থাকিব পাৰে তাৰ বাবে ডিব্ৰুগড় জিলাৰ প্ৰতিজন ব্যক্তিকে ক'ভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে ।

উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাত ইতিমধ্যে ৯০% লোকে ক'ভিডৰ প্ৰথম পালি গ্ৰহণ কৰিছে । বাকী সকলকো ক'ভিড ভেকচিন দিয়াৰ বাবে ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনটোত ডিব্ৰুগড় হ'ব মেগা ভেকচিন কেম্পৰ আয়োজন কৰিছে বুলি জানিবলৈ দিছে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপন ঝাই ।

ৰাজ্যৰ ভিতৰতে ডিব্ৰুগড়ক ১০০% ক'ভিড ভেকচিন প্ৰদানত প্ৰথম জিলা কৰাৰ বাবে চেষ্টা কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে সেয়ে সকলো ৰাইজকে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে উপায়ুক্ত গৰাকীয়ে । ২ অক্টোবৰত ২২২ টা কৈ চেন্টাৰত ক'ভিড ভেকচিন প্ৰদান কৰা হ’ব বুলিও উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিছে ।

লগতে পঢ়কঃ মাজুলীৰ আয়ুৰ্বেদিক হাস্পতালৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.