ETV Bharat / state

কৃত্ৰিম বান সমস্যা সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসনৰ সভা

সোমবাৰে ডিব্ৰুগড়ৰ আবুল হালিম সামছ হালিম মেম’ৰিয়েল বিদ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত সভাৰ আয়োজন । এই সভাত ডিব্ৰুগড়ৰ আকাশবাণী কেন্দ্ৰৰ নিকটৱৰ্তী স্থানসমূহত প্ৰতি বছৰে হোৱা কৃত্ৰিম বান সমস্যা সমাধানৰ বিষয়ে আলোচনা কৰা হয় । সভাত বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।

কৃত্ৰিম বানপানীৰ সমস্যাঃ ৰাইজৰ সৈতে আলোচনা ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিষয়াৰ

author img

By

Published : Apr 12, 2021, 7:55 PM IST

মৰাণ,১২ এপ্ৰিল: কৃত্ৰিম বান সমস্যা সমাধানৰ বিষয়ে আলোচনা কৰাৰ বাবে সোমবাৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত এখন সভাৰ আয়োজন কৰা হয় । ডিব্ৰুগড়ৰ আকাশবাণী কেন্দ্ৰৰ নিকটৱৰ্তী স্থানসমূহ প্ৰতি বছৰে কৃত্ৰিম বানে প্লাবিত কৰে । এই সমস্যা সমাধান সন্দৰ্ভত ৰাইজৰ সৈতে আলোচনা কৰে বিভাগীয় বিষয়াসকলে ।

কৃত্ৰিম বানপানীৰ সমস্যাঃ ৰাইজৰ সৈতে আলোচনা ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিষয়াৰ
কৃত্ৰিম বানপানীৰ সমস্যাঃ ৰাইজৰ সৈতে আলোচনা ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিষয়াৰ

ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত উপস্থিত থাকে জল সম্পদ, লোক নিৰ্মাণ, নগৰ উন্নয়ন আৰু পৰিকল্পনা আদি বিভাগৰ বিষয়াসকলৰ । লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।

আবুল হালিম সামছ হালিম মেম’ৰিয়েল বিদ্যালয়ত অনুষ্ঠিত এই সভাত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে ডিব্ৰুগড়ৰ পূৱ আৰু পশ্চিম চক্ৰ বিষয়াৰ কাৰ্যালয়, লোক নিৰ্মাণ বিভাগ, ডিব্ৰুগড় পৌৰসভা, নগৰ উন্নয়ন আৰু পৰিকল্পনা আদি বিভাগৰ প্ৰতিনিধি আৰু ছয় গৰাকীকৈ স্থানীয় নাগৰিকক লৈ এখন সমিতি গঠন কৰা হয় ।

বিষয়াসকলে সোমবাৰে উক্ত অঞ্চলৰ বানে প্লাবিত কৰা বিভিন্ন স্থান পৰিদৰ্শন কৰে । উল্লেখ্য যে, বিগত বৰ্ষত বাৰিষা ডিব্ৰুগড়ৰ বহু অঞ্চল বানে বুৰাই পেলাইছিল । ফলত সাধাৰণ ৰাইজে দুৰ্ভোগ ভূগিবলগীয়া হৈছিল । সেয়েহে কৃত্ৰিম বানৰ পৰা ৰাইজক সকাহ দিবলৈ এইবাৰ আগতীয়াকৈ কেতবোৰ পৰিকল্পনা যুগুত কৰিছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক: ডিফুত বৃহৎ আকাৰৰ কাছ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.