ETV Bharat / state

নাহৰকটীয়াত ৩৫ বছৰেও মুকলি নহ'ল ৩০ খন বিচনাযুক্ত চিকিৎসালয়

author img

By

Published : Sep 7, 2021, 9:35 AM IST

Updated : Sep 7, 2021, 9:56 AM IST

চৰকাৰ গ’ল, চৰকাৰ আহিল ৷ নতুন চৰকাৰ গঠন হ’ল ৷ কিন্তু বিগত 35 বছৰ ধৰি চিকিৎসা সেৱা আৰম্ভ নহ’ল এখন চৰকাৰী চিকিৎসালয়ত ৷ চিকিৎসালয়ৰ এই অৱস্থাই বিমোৰত পেলাইছে 30 খনৰো অধিক গাঁৱৰ ৰাইজক ৷ জানো আহক চিকিৎসালয়খনৰ সবিশেষ...

medical-care-is-unavailabale-in-a-government-hospital
চিকিৎসা সেৱা উপলব্ধ নথকা এক চৰকাৰী চিকিৎসালয়

মৰাণ, 7 ছেপ্তেম্বৰ : ডিব্ৰুগড়ৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ টিপাম ফাকিয়াল গাঁৱৰ 35 বছৰেও সম্পূৰ্ণ নোহোৱা এখন 30 খন বিচনাযুক্ত চৰকাৰী চিকিৎসালয় ৷ এই চিকিৎসালয়খনৰ বাবে সমস্যাত ভুগিছে 30 খনৰো অধিক গাঁৱৰ বাসিন্দাসকল ৷ কিয়নো আজিপৰ্যন্ত চিকিৎসা সেৱা আৰম্ভ নহ’ল এই চিকিৎসালয়খনত ৷

1986 চনতে 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল চিকিৎসালয়খন ৷ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল ঠিকেই, কিন্তু চিকিৎসা সেৱা আৰম্ভ কৰিব লাগে বুলি এতিয়াও কাণসাৰ নাই চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগৰ(Health Department) ৷ এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

নাহৰকটীয়া সমষ্টিৰ টিপাম পঞ্চায়তৰ অন্তৰ্গত 30 খনৰো অধিক গাঁৱৰ ৰাইজক সকাহ দিয়াৰ বাবে স্থাপন কৰা হৈছিল এই চিকিৎসালয়খন ৷ চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল অগপৰ প্ৰথমখন চৰকাৰৰ দিনতেই মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই(Prafulla Kumar Mahanta) ।

লগতে পঢ়ক: বৰপেটা অসামৰিক চিকিৎসালয়ত 50 টকাতে উপলব্ধ ক’ভিড ভেকচিন !

আধাৰশিলা স্থাপনৰ সুদীৰ্ঘ 23 বছৰৰ পাচত চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল ৷ সম্পূৰ্ণ হোৱা চিকিৎসালয়খন মুকলি হোৱাৰ আশাৰে বাট চাইছিল গাঁৱৰ ৰাইজে ৷ কিন্তু এই অপেক্ষাই অতিক্ৰম কৰিলে সুদীৰ্ঘ 12 টা বছৰ ৷ কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা 30 খন বিচনাযুক্ত চিকিৎসালয়খন সম্প্ৰতি জহি-খহি যাবলৈ ধৰিছে ৷

কংগ্ৰেছৰ পিচত ৰাজ্যত দুবাৰকৈ পৰিৱৰ্তনকামী চৰকাৰ শাসনৰ গাদীত অধিষ্ঠিত হ’ল যদিও এইপৰ্যন্ত স্বাস্থ্য বিভাগৰ চকু নপৰিল টিপামৰ চিকিৎসালয়খন মুকলি কৰি ৰাইজক সকাহ দিবলৈ ৷ এই প্ৰতিবেদন প্ৰকাশৰ পিছত জহি-খহি যোৱা এই চিকিৎসালয়খন মুকলি কৰিবলৈ ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰৰ স্বাস্থ্য বিভাগৰ সময় হ’বনে নহয়, সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: তিনিমাহৰ অন্তত অভয়াকুটি হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল

Last Updated : Sep 7, 2021, 9:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.