ETV Bharat / state

Maternal death: চিকিৎসকৰ গাফিলতিৰ ফলত নৱজাতকসহ প্ৰসুতিৰ মৃত্যু - Pathetic condition of Health Department

ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত উত্তপ্ত পৰিস্থিতি(Heating situation in AMCH) । চিকিৎসকৰ গাফিলতিৰ বাবেই প্ৰসুতিৰ সৈতে নৱজাতকৰ মৃত্যুৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে(Maternal death in AMCH) । স্বামীয়ে কান্দি কান্দি জবাবদিহি কৰিলে চিকিৎসকক ।

maternal death due to doctor negligence
চিকিৎসকৰ গাফিলতিৰ ফলত নৱজাতকসহ প্ৰসুতিৰ মৃত্যু
author img

By

Published : Oct 21, 2022, 8:17 PM IST

ডিব্ৰুগড়, ২১ অক্টোবৰ: মাজুলীৰ ঘটনাৰ চাঞ্চল্য় মাৰ নৌযাওতেই পুনৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ উদঙালে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে । ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকৰ বিৰুদ্ধে ভয়ানক অভিযোগ(Heating situation in AMCH) । ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকৰ গাফিলতিৰ বাবেই প্ৰসুতিৰ সৈতে নৱজাতকৰ মৃত্যুৰ অভিযোগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে(Maternal death in AMCH) ।

জানিব পৰা মতে, ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মাতৃ আৰু শিশু বিভাগত চিকিৎসাৰ বাবে তিনিচুকীয়া জিলাৰ ঢলাৰ এগৰাকী প্ৰসুতিক তিনিচুকীয়া জিলা চিকিৎসালয়ৰ পৰা চিকিৎসকে জৰুৰীকালীন ভাবে প্ৰেৰণ কৰিছিল । কিন্তু AMCH ৰ চিকিৎসকৰ গাফিলতি আৰু অক্সিজেনৰ অভাৱৰ বাবে শুকুৰবাৰে পুৱাৰ ভাগত কফিয়া মৰান নামৰ প্ৰসুতি মহিলাগৰাকীৰ সৈতে নৱজাতকটিয়ে মৃত্যুক আকোৱালি লয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।

চিকিৎসকৰ গাফিলতিৰ ফলত নৱজাতকসহ প্ৰসুতিৰ মৃত্যু

চিকিৎসকৰ গাফিলতিৰ ফলতেই মাতৃৰ সৈতে নৱজাতকৰ মৃত্যু হোৱাৰ পাছতে ক্ষোভিত হৈ পৰিছে পৰিয়ালটো । স্বামীয়ে কান্দি কান্দি কৰ্তব্যত থকা চিকিৎসকক জবাবদিহি কৰে । স্বামী তথা পৰিয়ালৰ লোকে অভিযোগ কৰে যে সময়মতে চিকিৎসকে চোৱা হ'লে প্ৰসুতিগাৰাকী আৰু সন্তানটিৰ জীৱন ৰক্ষা পৰিলহেঁতেন(Doctor negligence in AMCH) । স্বামী হৈয়ো পত্নীক এবাৰ দেখা নাপালো বুলি উল্লেখ কৰি তেঁও কয় যে "ভাল চিকিৎসা হ'ব বুলি আনিছিলো AMCHলৈ "।

প্ৰসুতিগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি প্ৰসুতিগৰাকীৰ মুখেৰে ফেন ওলাই আহিছিল । তাৰপাছতো চিকিৎসকে এবাৰ চুব বিচৰা নাছিল তেওঁক । কৰ্তব্যৰত চিকিৎসকগৰাকীক অতি শীঘ্ৰে মুখ্যমন্ত্ৰীয়ে নিলম্বন কৰাৰ দাবী উত্থাপন কৰে মৃত প্ৰসুতিগৰাকীৰ স্বামীয়ে ।

উল্লেখ্য যে মাত্ৰ কেইটামান দিন পূৰ্বে চিকিৎসকৰ গাফিলতিৰ ফলতেই মাজুলীৰ চৰকাৰী চিকিৎসালয়ত উদীয়মান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যু ঘটিছিল(Tejaswita Barua incident in Majuli) । আনহাতে বিগত দুটা মাহত ৪৯ টি মৃত নৱজাতকৰ জন্ম হোৱাৰ বিপৰীতে আন ১৩ টি নৱজাতকৰ জন্মৰ পাছতে মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰিছে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই(49 babies have died in womb) ।

এনেবোৰ ঘটনাই এতিয়া উদঙাইছে ৰাজ্যৰ স্বাস্থ্য়খণ্ডৰ প্ৰকৃত ছবিখন(Pathetic condition of Health Department) । যদিওবা চৰকাৰে স্বাস্থ্যখণ্ডৰ ব্যাপক উন্নয়ণ সাধন কৰা বুলি ঢাক-ঢোল বজাইছে কিন্তু সঘনাই সংঘটিত এনে ঘটনাই ৰাইজৰ আগত তুলি ধৰিছে এখন পঁয়ালগা ছবিহে । এই ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে(Health Department of Assam) কেতিয়া ল'ব বিশেষ পদক্ষেপ সেয়া সাধাৰণ জনতাৰ বাবে লাখটকীয়া প্ৰশ্ন ।

লগতে পঢ়ক: Pathetic condition of Health Department: অনুন্নত স্বাস্থ্যসেৱাই গৰ্ভতে প্ৰাণ ললে ৪৯ টি শিশুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.