ETV Bharat / state

শ্মশানত চৰকাৰৰ শৱদাহ আৰু মুণ্ডণ কাৰ্যসূচীৰে নামৰূপত আছুৰ অভিনৱ প্ৰতিবাদ - সর্বানন্দ সোণোৱাল

নামৰূপত সদৌ অসম ছাত্ৰ সন্থাৰ অভিনৱ প্ৰতিবাদ ৷ সাৰকাৰখানা পুনৰ উজ্জীৱত কৰাৰ দাবীৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ শ্মশানত চৰকাৰৰ শৱদাহ আৰু মুণ্ডণ কাৰ্যসূচী গ্ৰহণেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷

MASSIVE PROTEST IN NAMRUP AASU
শ্মশানত চৰকাৰৰ শৱদাহ আৰু মুণ্ডণ কাৰ্যসূচীৰে নামৰূপত আছুৰ অভিনৱ প্ৰতিবাদ
author img

By

Published : Aug 7, 2020, 10:04 PM IST

নামৰূপ, 7 আগষ্ট : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে সাৰ নগৰী নামৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ প্ৰতিবাদকাৰী সকলে শ্মশানত চৰকাৰৰ শৱদাহ আৰু মুণ্ডণ কাৰ্যসূচী গ্ৰহণেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ নামৰূপ সাৰকাৰখানা পুনৰ উজ্জীৱত কৰাৰ দাবীৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰকাৰখানাটো ষাঠিৰ দশকতে স্থাপিত হৈছিল যদিও বৰ্তমান নগাঁও আৰু কাছাৰ কাগজ কলৰ দৰেই তিল তিল কৈ মৃত্যু মুখলৈ ঠেলি দিয়াৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷ সাৰ উদ্যোগটোৰ তিনিওটা উৎপাদন গোটৰ আয়ুস কাল ইতিমধ্যেই শেষ হোৱাত উৎপাদন ক্ষমতা হেৰুৱাই পেলোৱো সাৰ উদ্যোগটোত এতিয়া প্ৰয়োজন চতুৰ্থ এটা গোটৰ ৷ 2006 চনতে তেতিয়াৰ কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী ৰাম বিলাস পাছোৱানে 800 ৰ পৰা 900 মেট্ৰিকটন উৎপাদন ক্ষমতাৰ চতুৰ্থ গোটৰ আধাৰশিলা স্থাপন কৰিছিল যদিও বিগত 14 বছৰে কোনো ধৰণৰ কামকাজ নকৰাৰ অভিযোগ ৷ গতিকে, নামৰূপ সাৰকাৰখানৰ চতুৰ্থ গোট স্থাপনৰ দাবীৰে শুকুৰবাৰে সাৰ নগৰী নামৰূপত এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷

শ্মশানত চৰকাৰৰ শৱদাহ আৰু মুণ্ডণ কাৰ্যসূচীৰে নামৰূপত আছুৰ অভিনৱ প্ৰতিবাদ

উল্লেখ্য যে, নিৰ্বাচনৰ সময়ত কেৱল ভোটৰ লালসাতে নামৰূপ সাৰ কাৰখানাত ৰাজনৈতিক দলৰ নেতা পালি-নেতাই ভিৰ কৰা বুলি অভিযোগ উত্থাপন কৰি নামৰূপ আছুৰ নেতৃত্বই শ্মশানত চৰকাৰৰ শৱদাহ আৰু মুণ্ডণ কাৰ্যসূচী গ্ৰহণেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, নিৰ্বাচন আহিলেই চৰকাৰৰ বিভিন্ন নেতা মন্ত্ৰীয়ে উদ্যোগটি পৰিদৰ্শন কৰি নিৰ্বাচনমূখী বক্তব্যৰে উদ্যোগৰ লগত জড়িত লোকসকলক টোপ দি আহিছে ৷ আনকি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমবাৰ শাসনভাৰ লৈয়ে তেওঁৰ 100 দিনীয়া কাৰ্যক্ৰমণিকাত সাৰকাৰখানাৰ চতুৰ্থ গোট অন্তভুৰ্ক্ত কৰিছিল যদিও সেয়াও ফুটুকাৰ ফেনলৈ পৰিণত হোৱা বুলি প্ৰতিবাদকাৰীয়ে উল্লেখ কৰে ৷ বৰ্তমান সময়ত নামৰূপ সাৰকাৰখানাৰ দ্বিতীয় গোটত দুৰ্ঘটনা সংঘটিত হৈ পুঁজিৰ অভাৱত মেৰামতি কৰিব নোৱাৰাৰ বাবে বন্ধ হৈ থকাৰ বিপৰীতে তৃতীয় গোটটো বন্ধ হৈ থকা বুলি উল্লেখ কৰে ৷

সাৰকাৰখানাৰ এই সমস্যাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকল বৰ্তমান খেতিৰ সময়ত গভীৰ সমস্যাত ভুগিব লগা হৈছে ৷ মনকৰিবলগীয়া যে, ছাত্র ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈ সর্বানন্দ সোণোৱালৰ অন্যতম ক্ষেত্র ডিব্রুগড় জিলাৰ ছাত্র নেতা হৈ থকা অৱস্থাৰে পৰা নামৰূপ সাৰকাৰখানাৰ সমস্যাৰ কথা মুখ্যমন্ত্ৰী গৰাকীয়ে অৱগত যদিও বৰ্তমান গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে নামৰূপবাসীৰ লগতে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা ৷ প্ৰতিবাদস্থলীৰ পৰাই নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৃন্দই চৰকাৰক সাৰকাৰখানাৰ চতুৰ্থটো গোটৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈ দাবী উখাপন কৰিছে অন্যথা চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ৷

লগতে পঢ়ক : শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ক'ভিড ৱাৰ্ড সন্দৰ্ভত উপায়ুক্তৰ স্পষ্টীকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.