ETV Bharat / state

ডিব্ৰুগড়ৰ লেজাই-কলাখোৱাত অব্য়াহত বানৰ বিভীষিকা - মৰাণ সমষ্টি

বৰ্তমানেও মৰাণ সমষ্টিৰ বৰবৰুৱা উন্নয়ণ খণ্ডৰ অন্তৰ্গত লেজাই, কলাখোৱাৰ বিস্তীৰ্ণ অঞ্চলত অব্যাহত আছে বানৰ তাণ্ডৱ ৷ যাৰ ফলত স্থানীয় লোককে ধৰি ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে কৃষক সকল ৷

লেজাই-কলাখোৱাত অব্য়াহত বানৰ বিভীষিকা
লেজাই-কলাখোৱাত অব্য়াহত বানৰ বিভীষিকা
author img

By

Published : Sep 28, 2020, 1:02 PM IST

মৰাণ, 28 চেপ্তেম্বৰ: মৰাণ সমষ্টিৰ বৰবৰুৱা উন্নয়ণ খণ্ডৰ অন্তৰ্গত লেজাই, কলাখোৱাৰ বিস্তীৰ্ণ অঞ্চল সম্প্ৰতি প্লাৱিত ৷ পানী শুকোৱাৰ পাচতে বৃহৎ অঞ্চল দুটাৰ একাংশ কৃষকে বিভিন্ন উৎসৰ পৰা কঠীয়া সংগ্ৰহ কৰি পথাৰত ৰোপন কৰিছিল যদিও, কেইবাখনো গাঁৱৰ কৃষকৰ শ শ বিঘা কৃষিভূমি চন পৰিয়েই ৰ'ল ৷ কিছুদিন অঞ্চল দুটাৰ ৰাইজ পানীৰ পৰা মুক্ত হৈছিল যদিও, কেইবাদিনো ধৰি অব্যাহত থকা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু চেঁ‌চা নৈৰ বৰ্ধিত জলপৃষ্ঠই পুনৰ বুৰাইছে অঞ্চলটো ৷

লেজাই-কলাখোৱাত অব্য়াহত বানৰ বিভীষিকা

উল্লেখ্য যে, বৃহত্তৰ অঞ্চলটোত নতুনকৈ ২২ কোটি টকা ব্যয়েৰে চৰকাৰে নিৰ্মাণ কৰি থকা মথাউৰি পাৰ হৈ পানী সোমাই বুৰাই পেলাইছে কৃষি পথাৰ ৷ যাৰ ফলত কেৱল জনসাধাৰণৰে নহয়, সমস্যাৰ সন্মুখীন হৈছে পশুধনো ৷ ইতিমধ্যে মৃত্যুমুখতো পৰিছে বহু পশুধন ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, চৰকাৰী চাউল খিনিৰ বাহিৰে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষৰ পৰা পোৱা নাই আন কোনো সুবিধা ৷ আনহাতে বৃহৎ পুঁজিৰে মথাউৰিটো নিৰ্মাণ কৰিছে যদিও তাত কোনো ধৰণৰ শ্লুইচ গেটৰ ব্যৱস্থা কৰা নাই ঠিকাদাৰে ৷ যাৰ বাবে বানত ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: বাঢ়নি পানীয়ে উটোৱাই নিলে মাজুলীৰ শালমৰা-বনগাঁও সংযোগী দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.