ETV Bharat / state

Massive Erosion at Dibrugarh: কলী আই থানলৈ ভাবুকি, ব্ৰহ্মপুত্ৰত বিলীন শ শ কৃষিভূমি

author img

By

Published : Aug 21, 2023, 2:12 PM IST

ডিব্ৰুগড় বগীবিল আইথান চেঙামাৰী হাবি গাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ 10 দিনত প্ৰায় 50 বিঘাৰো অধিক মাটি ব্ৰহ্মপুত্ৰৰ নদীত বিলীন গৈছে ৷ কলী আই থানৰ প্ৰতিও প্ৰবল ভাবুকিৰ সৃষ্টি কৰিছে খহনীয়াই ৷

Massive Erosion at Dibrugarh
কলী আই থানলৈ ভাবুকি
কলী আই থানলৈ ভাবুকি

ডিব্ৰুগড়, 21 আগষ্ট: ডিব্ৰুগড়ৰ বগীবিলত ব্ৰহ্মপুত্ৰই লৈছে কালৰূপ ৷ ভয়ংকৰ খহনীয়াৰ কবলত পৰিছে ডিব্ৰুগড় বগীবিল আইথান চেঙামাৰী হাবি গাঁও ৷ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে শ শ বিঘা কৃষিভূমি ৷ বিগত 10 দিনত 50 বিঘাৰো অধিক মাটি বিশাল ব্ৰহ্মপুত্ৰৰ নদীত বিলীন গৈছে । কেৱল এইয়াই নহয় বগীবিলত থকা অসমৰ অন্যতম পৰ্যটনৰ ধৰ্মীয় স্থান কলী আই থানৰ প্ৰতিও প্ৰবল ভাবুকি সৃষ্টি কৰিছে গৰাখহনীয়াই ।

আই থানৰ পৰা কেৱল মাত্ৰ 50 মিটাৰ আঁতৰত অব্যাহত আছে প্ৰৱল গৰাখহনীয়া । ইতিমধ্যে গৰাখহনীয়াৰ ফলত আঞ্চলটোৰ কৃষকৰ বেঙেনা, কচু আদি শাক পাচলিৰ খেতি ব্ৰহ্মপুত্ৰ নদীত জাহ গৈছে । যাৰ ফলত অঞ্চলটোৰ 150 টা কৃষক পৰিয়ালৰ মাজত হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে । এই খহনীয়া প্ৰতিৰোধ কৰিবলৈ খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে জলসম্পদ বিভাগৰ তৰফৰ পৰা কোনোধৰণৰ পদক্ষেপ নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ।

‘‘যদিহে শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হলে আমাৰ সকলো শেষ হৈ যাব ৷ মন্ত্ৰী পীযুষ হাজৰীকা, আপুনি তৎকালে আমাৰ জীৱন সম্পতি ৰক্ষাৰ বাবে পদক্ষেপ লওক ৷ যাতে আমাৰো ভাল হয় আৰু আপোনাৰো ভাল হ’ব ৷’’ এই দৰে মন্ত্ৰীলৈ আহ্বান জনালে ৰাইজে ৷

ইফালে অসমৰ মুখ্যমন্ত্ৰীক এইক্ষেত্ৰত এক সৱল পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাই । হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে ঘোষণা কৰিছিল ৰাজ্যত অব্যাহত থকা খহনীয়া প্ৰতিৰোধৰ বাবে লোৱা হ'ব পদক্ষেপ । ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে ডিব্ৰুগড় জিলাতো খহনীয়া প্ৰতিৰোধৰ বাবে কিছু কিছু ঠাইত ব্যৱস্থা গ্ৰহণ কৰিছে ৷ কিন্তু বহু ঠাইত আজিও অব্যাহত আছে ভয়ংকৰ খহনীয়া ।

লগতে পঢ়ক:Attack on MLA vehicle: নিজকে নিৰ্দোষী বুলি বাৰে বাৰে ক’লে প্ৰশান্ত ফুকনৰ বাহনত আক্ৰমণ কৰা মদন শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.