Ragging in DU : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১৮ জন ছাত্ৰক বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ - Ragging incident at Dibrugarh University
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সোণালী ইতিহাসত উদণ্ড ছাত্ৰই সানিলে কালিমা ৷ ৰেগিঙত জড়িত থকা অভিযোগত (Ragging incident at Dibrugarh University) বিশ্ববিদ্যালয়ৰ অনুশাসন কমিটিয়ে বহিষ্কাৰ কৰিছে ১৮ জন ছাত্ৰক (Many students expelled for ragging from DU) ৷ ইতিমধ্যে অভিযুক্ত ৪ জনক আটক কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় আৰক্ষী ৷

ডিব্ৰুগড়, 28 নৱেম্বৰ : ৰাজ্য কঁপাই গৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই । উদণ্ড ছাত্ৰই কালিমা সানিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সোণালী ইতিহাসত । শনিবাৰে সংঘটিত হোৱা এই ভয়ংকৰ ৰেগিং কাণ্ডৰ (Ragging incident in PNGB hostel) পাচতেই মানসিকভাৱে হতাশ হৈ দুটা মহলৰ ওপৰৰ পৰা জপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আনন্দ শৰ্মা নামৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ ছাত্ৰজন । ইয়াৰ পাচৰ পৰাই বৰ্তমানো ICU ত জীৱন মৰণেৰে যুঁজি আছে আনন্দ শৰ্মাই ।
এই ভয়ংকৰ ৰেগিং কাণ্ডক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সোমবাৰে আয়োজন কৰে এক সংবাদমেলৰ ৷ ৰেগিঙৰ নামত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যি ঘটনা সংঘটিত হ’ল তাক লৈ দুখ প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । এই ঘটনাক লৈ বিশ্ববিদ্যালয়ৰ এণ্টি ৰেগিং কমিটি অধিক কঠোৰ হৈছে বুলি সংবাদমেলৰ জৰিয়তে সদৰী কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
ভুক্তভোগী ছাত্ৰজনক ন্যায় প্ৰদানৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বাস প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি, বিশ্ববিদ্যালয়ৰ অনুশাসন কমিটিয়ে ইতিমধ্যে বহিষ্কাৰ কৰিছে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ (PNGB hostel) ১৮ ছাত্ৰক (Many students expelled for ragging from DU) ৷ ঘটনাৰ লগত জড়িত ৪ জনক আটক কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় আৰক্ষী ৷
উক্ত সংবাদমেলতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰে যে, চিকিৎসাধীন ছাত্ৰ আনন্দ শৰ্মাৰ চিকিৎসাৰ সকলো দায়িত্ব ল’ব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । প্ৰয়োজনত উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিয়াৰ বাবেও সাজু বিশ্ববিদ্যালয় কৰ্তৃপক্ষ(Ragging incident at Dibrugarh University)।
ইফালে বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীক বিশ্ববিদ্যালয়ৰ কেম্পাচত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ আনহাতে আন চাৰিজন ছাত্ৰ ক্ৰমে দিব্যজ্যোতি গগৈ, শুভ্ৰজিত বৰুৱা, নিৰঞ্জন ঠাকুৰ আৰু কল্যাণ দত্তক ছাত্ৰাবাসৰ পৰা বহিষ্কাৰ কৰাৰ লগতে সাময়িকভাৱে শ্ৰেণীকক্ষৰ পৰাও বহিষ্কাৰ কৰা হৈছে ।
আনহাতে, পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ পৰা বহিষ্কাৰ কৰা হয় গালব ডেকা, নিৰঞ্জন যাদৱ, কল্যাণ দত্ত, সীমান্ত হাজৰিকা, প্ৰাণজিৎ বৰুৱা, চন্দনজ্যোতি বৰা সোণোৱাল, শিৱম শ্ৰফ, পাছাংখাম বৰুৱা, পল্লৱ বৰা, চিত্ৰবন বৰুৱা, নাৰায়ণ অধিকাৰী, নয়নজিৎ ঠেঙাল, মনোৰঞ্জন দাস, মৌচম ফুকন, বিশাল ডেকা, নৱদ্বীপ শৰ্মা, দেৱাশিস বিশ্বাস আৰু অমৰজ্যোতি নাথ নামৰ 18 জন ছাত্ৰক ।
ইতিমধ্যে আটাইকে হোষ্টেল খালী কৰাৰ নিৰ্দেশ দিছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই । আনাহাতে, ছাত্ৰাবাসটোৰ ৱাৰ্ডেনলৈ সমগ্ৰ ঘটনাৰ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
লগতে পঢ়ক : Ragging in Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত জড়িত তিনিটাক আটক; পলাতক ৰাহুল ছেত্ৰী