বিহালী, 1 জুন : ৰাজ্যত অব্যাহত আছে বন্য হস্তীৰ ত্ৰাস ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ গহপুৰৰ হেলেমৰ দক্ষিণ অঞ্চলত বন্য হস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰণ হৈছে অঞ্চলবাসীৰ (Man elephant conflict at Gohpur) ৷ হেলেমৰ দক্ষিণ অঞ্চলটো এতিয়া বনৰীয়া হাতী, গঁড়, বাঘ, বনৰীয়া গাহৰি আদিৰ চৰণীয়া পথাৰলৈহে যেন ৰূপান্তৰ হৈছে ৷
বিশেষকৈ এতিয়া শান্তিপুৰ, কুৰুৱাবস্তী, কুৰুৱাপথাৰ, মেইল বজাৰ, বৰুৱা পথাৰ আদিৰ লোকসকলে ভয় আৰু শংকাত এতিয়া দিন পাৰ কৰিব লগাত পৰিছে ৷ অঞ্চলবাসীৰ অভিযোগ, দ্বিতীয় কাজিৰঙালৈ পৰিণত হৈছে গহপুৰৰ হেলেমৰ দক্ষিণ অঞ্চলটো ।
ইফালে মঙলবাৰে নিশা হেলেমৰ শান্তিপুৰত এটা প্ৰকাণ্ড বন্যহস্তীয়ে উপদ্ৰৱ চলাই ভাঙি পেলাই কেইবাটাও পৰিয়ালৰ বাসগৃহ । ঘটনা সন্দৰ্ভত বাৰম্বাৰ বন বিভাগক অৱগত কৰাৰ স্বত্বেও এই ক্ষেত্ৰত বন বিভাগৰ লোকে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলটোৰ ৰাইজে ৷
আনহাতে, বন্য হস্তীয়ে হেলেমৰ দক্ষিণ অঞ্চলটোৰ কেইবাটাও বাসগৃহ ভাঙি পেলোৱাত বহু পৰিয়ালে এতিয়া এমুঠি অন্ন আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে ৷ উপায়ন্তৰ হৈ এতিয়া দুৰ্ভগীয়া পৰিয়ালকেইটাই বিচাৰিছে চৰকাৰ, বন বিভাগ তথা স্থানীয় প্ৰশাসনৰ সহায় ৷ লগতে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ সীমামূৰীয়া অঞ্চলসমূহত একোটাকৈ বন শিবিৰ দিয়াৰো আহ্বান জনাইছে ।
লগতে পঢ়ক : মালিগাঁৱত মহিলাক আক্ৰমণ নাহৰফুটুকীৰ; মোহনবাৰীত আৰ্মি কেম্পত ওলাল বাঘ