ETV Bharat / state

'মন কি বাত'ত ডিব্ৰুগড়ৰ খেলুৱৈৰ সৈতে মত-বিনিময় মোডীৰ - মত-বিনিময় মোডীৰ

দেওবাৰে দিনৰ ১১ বজাৰ পৰা ১২ বজালৈ প্ৰধানমন্ত্ৰীৰ 'মন কি বাত'ত ডিব্ৰুগড় ক্ৰীড়া সন্থাৰ অধীনৰ শিশু, কিশোৰ কিশোৰী যুৱ খেলুৱৈৰ সৈতে কথা-বতৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । বিভিন্ন ধৰণৰ ১৯ বিধ ক্ৰীড়াৰ লগত জড়িত প্ৰায় ১৩০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে অসমৰ জৈৱ বৈচিত্ৰ, খেলুৱৈৰ স্বাস্থ্য, স্ব-নিৰ্ভৰশীলতা আদি কেইবাটাও অতি গুৰুত্বপূৰ্ণ বিষয়ত পৰামৰ্শ, উপদেশ আৰু মত-বিনিময় ।

'মন কি বাত'ত ডিব্ৰুগড়ৰ খেলুৱৈৰ সৈতে মত-বিনিময়

author img

By

Published : Feb 28, 2021, 6:53 PM IST

ডিব্ৰুগড়, ২৮ ফেব্ৰুৱাৰী: এইবাৰ প্ৰধানমন্ত্ৰীৰ 'মন কি বাত'ত ডিব্ৰুগড়ৰ খেলুৱৈ । অসম তথা ডিব্ৰুগড়ৰ বাবে সু খবৰৰ লগতে সৌভাগ্য । দেওবাৰে দিনৰ ১১ বজাৰ পৰা ১২ বজালৈ প্ৰধানমন্ত্ৰীৰ 'মন কি বাত'ত ডিব্ৰুগড় ক্ৰীড়া সন্থাৰ অধীনৰ শিশু, কিশোৰ কিশোৰী যুৱ খেলুৱৈৰ সৈতে কথা-বতৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । ইয়াক লৈ স্বাভাৱিকতে উৎফুল্লিত খেলুৱৈ, অভিভাৱক তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা । বিভিন্ন ধৰণৰ ১৯ বিধ ক্ৰীড়াৰ লগত জড়িত প্ৰায় ১৩০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে অসমৰ জৈৱ বৈচিত্ৰ, খেলুৱৈৰ স্বাস্থ্য, স্ব-নিৰ্ভৰশীলতা আদি কেইবাটাও অতি গুৰুত্বপূৰ্ণ বিষয়ত পৰামৰ্শ, উপদেশ আৰু মত-বিনিময় কৰে । অসমৰ পক্ষী সম্পদ, মাজুলীৰ বৈচিত্ৰ্যৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মত-বিনিময় কৰে ।

'মন কি বাত'ত ডিব্ৰুগড়ৰ খেলুৱৈৰ সৈতে মত-বিনিময় মোডীৰ

ঘন্টা যোৰা এই কাৰ্যসূচী দুটা ভাগত অনুষ্ঠিত হয় । প্ৰশ্নৰ উত্তৰ কালতো খেলুৱৈসকলে গুৰুত্বপূৰ্ণ প্ৰশ্নৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে । ইফালে প্ৰধানমন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ অধীনত খেলুৱৈসকলে লাভ কৰা ক্ৰীড়া সম্পৰ্কীয় সা-সুবিধাৰ বিষয়েও অৱগত হয় । এই কাৰ্যসূচী সমগ্ৰ ডিব্ৰুগড়বাসীৰ লগতে অসমৰ ক্ৰীড়া জগতৰ বাবেই সু বাৰ্তা আৰু সৌভাগ্য বুলি উল্লেখ কৰি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া ডাঃ দেৱজিৎ দত্তই প্ৰধানমন্ত্ৰীলৈ কৃতজ্ঞতাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক: নিৰ্বাচনৰ বাবে তৎপৰ কৰিমগঞ্জ জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.