মৰাণ,24এপ্ৰিল: শনিবাৰে দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাখাত অঞ্চলত উপস্থিত হয় লুৰীণ জ্যোতি গগৈৰ নেতৃত্বত যোৱা অসম জাতীয় পৰিষদৰ এটি সঁজাতি দল ৷ অঞ্চলটোত উপস্থিত হৈ সঁজাতি দলটোৱে ধুমুহাত হোৱা ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ লয় ৷
উল্লেখ্য যে, চলিত বৰ্ষৰ মাৰ্চ মাহত দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাখাত অঞ্চলৰ ন-দেওঘৰীয়া, নকাৰি শেনচোৱা আৰু বায়নচুক গাঁৱৰ বহুকেইটা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰিছিল ধুমুহাই ৷ প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত ঘৰৰ চাল, টিনপাতসমূহ ভাঙি বিস্তৰ ক্ষতিসাধন হৈছিল অঞ্চলবাসীৰ ৷ যাৰ বাবে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে আজি অঞ্চলকেইটাত উপস্থিত হয় আৰু অঞ্চলবাসীৰ ক্ষয়-ক্ষতিৰ বুজ লয় ৷
ইয়াৰোপৰি, ক্ষতিগ্ৰস্ত লোকসকলৰ আৱাস গৃহসমূহ পুনৰ বাস কৰিব পৰাকৈ 'অসম জাতীয় পৰিষদ'ৰ তৰফৰ পৰা টিনপাত, প্লাষ্টিক আৰু কিছু যাৱতীয় সামগ্ৰী পৰিয়ালসমূহলৈ যোগান ধৰে ৷
অন্য এক খবৰৰ বাবে: গ্ৰীণ কৰিডৰেৰে অক্সিজেন টেংকাৰ পৰিবহন দিল্লীত