ETV Bharat / state

নাহৰকটীয়াৰ এটি দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দিলে এজেপি

কোনো চৰকাৰী অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা নাহৰকটীয়াৰ এটা দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দিলে অসম জাতীয় পৰিষদ ৷ ৰ'দ-বৰষুণক প্ৰত্যাহ্বান জনাই এটা জৰাজীৰ্ণ বাসগৃহত বসবাস কৰা এটা পৰিয়ালক সহায়ৰ হাত আগবঢ়ালে লুৰীণ জ্যোতি গগৈসহ এজেপিৰ একাংশ সদস্যই ৷

lurinjyoti-gogoi-helped-a-poor-family-at-naharkatia
নাহৰকটীয়াৰ এটি দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দিলে এজেপিয়ে
author img

By

Published : Apr 17, 2021, 1:38 PM IST

মৰাণ, 17 এপ্ৰিল : অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনাই এক ব্যতিক্ৰমী পদক্ষেপেৰে ৰাইজৰ কাষত থিয় দিলে অসম জাতীয় পৰিষদ । নাহৰকটীয়াৰ ২ নং ঘুৰণীয়াৰ ভাটিবিল গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ কাষত সকাহ হৈ থিয় দিলে লুৰীণ জ্যোতি গগৈয়ে । ৰ'দ-বৰষুণক প্ৰত্যাহ্বান জনাই এটা জৰাজীৰ্ণ বাসগৃহত দুটি সন্তানসহ সন্তোষ গোৱালাৰ পৰিয়ালটোৱে বসবাস কৰি আহিছিল । দিন হাজিৰা কৰা সন্তোষৰ সামৰ্থ নাছিল ঘৰটো পুনৰ নিৰ্মাণ কৰাৰ । কিন্তু কোনো চৰকাৰী অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা পৰিয়ালটোৰ কাষত ৰঙালীৰ ৰং হৈ উপস্থিত হ'ল লুৰীণ জ্যোতি গগৈ আৰু অসম জাতীয় পৰিষদৰ সদস্যসকল ।

নাহৰকটীয়াৰ এটি দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দিলে এজেপিয়ে

বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ নাহৰকটীয়াৰ সদস্য সকলে মিলি বাঁহ, বেত, টিনপাত যোগাৰ কৰাৰ লগতে সকলোৱে শ্ৰমদান কৰি সন্তোষৰ পৰিয়ালটোক সাজি দিলে এখনি নতুন ঘৰ । অসম জাতীয় পৰিষদৰ এই পদক্ষেপৰ শলাগ লৈছে ৰাইজে ৷

লগতে পঢ়ক: কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.