মৰাণ, ৩ জুন: বিগত বিধানসভা নিবাৰ্চনত ডিব্ৰুগড় জিলাৰ দুটাকৈ বিধানসভা সমষ্টিৰ পৰা পৰাজিত হৈও থমকি ৰোৱা নাই প্ৰাক্তন আছু নেতা তথা বৰ্তমানৰ অসম জাতীয় পৰিষদ সভাপতি লুৰীণজ্যোতি গগৈ ।
জিলাখনৰ ভিন্ন প্ৰান্তত কন্টেইনমেণ্ট জ'নত থকা দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে অসম জাতীয় পৰিষদে ।
বুধবাৰে দুলীয়াজান সমষ্টিৰ অন্তৰ্গত পাভজান গাঁও, পাঁচসূতি গাঁও আৰু ৰজাআলি চাহ বাগিচাত কন্টেইনমেণ্ট জ'নত থকা লোকসকলৰ মাজত লুৰীণজ্যোতি গগৈয়ে "অসম জাতীয় পৰিষদ"ৰ তৰফৰপৰা কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে ৷
প্ৰাক্তন আছু নেতা জনে ডিব্ৰুগড় জিলাৰ বেছি সংখ্যক ক'ভিড আক্ৰান্ত ৰোগীৰ পৰিয়ালৰে কাষত ঠিয় দি সহায়ৰ হাত আগবঢ়াইছে । আনহাতে, ক'ভিডে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰা সময়ত ডিব্ৰুগড় জিলাৰ বহু বিধায়কক নিজ সমষ্টিত দেখিবলৈ পোৱা নাই ।
তেনে সময়ত প্ৰাক্তন আছু নেতাজনে জিলাখনৰ প্ৰতিটো সমষ্টিৰ চুকে-কোণে ক'ভিড আক্ৰান্তৰ পৰিয়ালৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ।
যোৱা কেইবাদিনো ধৰি নেতাজনে জাতীয় পৰিষদৰ কৰ্মীৰ এটা দল লৈ কন্টেইনমেণ্ট জ'নত থকা পৰিয়ালবোৰক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে স্বাস্থ্য অৱস্থাৰ বুজ লৈ আহিছে ।
লগতে পঢ়ক:বৰেণ্য কথাশিল্পী, বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান