মৰাণ,20 ডিচেম্বৰ : অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাচতে শনিবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ 21ত গঠন হ’বলগীয়া অসম চৰকাৰ সন্দৰ্ভত মন্তব্য কৰে লুৰীণ জ্যোতি গগৈয়ে ৷ 2021 চনত অসম জাতীয় পৰিষদে অসমত আঞ্চলিক চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰে সভাপতি গৰাকীয়ে ৷
অসমৰ ৰাইজে ইতিমধ্যে জাতীয় পৰিষদক আদৰি লৈছে । 21ত লুৰীণ জ্যোতি গগৈ অসমৰ মুখ্যমন্ত্ৰী হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত তেওঁ কয় যে, ‘‘মুখ্যমন্ত্ৰী বা আন মন্ত্ৰী-বিধায়ক কোন হয় সেইটো ডাঙৰ কথা নহয় । এই সময়ত গুৰুত্বপূৰ্ণ কথাটো হ’ল অসমৰ জাতীয় মুক্তিৰ প্ৰশ্ন । এই সময়ত অসমৰ ৰাইজ শংকাত আছে । চাৰিওফালে জাতি-জনগোষ্ঠীৰ মাজত বিভাজনৰ ৰাজনীতি চলিছে । এই সকলোবোৰৰ পৰা অসমখনক মুক্ত কৰাটোৱে মূল লক্ষ্য’’ ।
ইফালে অসম জাতীয় পৰিষদক লৈ দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই কৰা তৰল মন্তব্যক উভতি ধৰে যুৱ নেতা গৰাকীয়ে । তেওঁ কয় যে, ‘‘অসমৰ ৰাইজে অসম জাতীয় পৰিষদক আদৰণি জনাইছে । তেৰছ গোৱালাৰ এনে মন্তব্য কোনো অৰ্থ নাই । 2021 চনত ইয়াৰ উত্তৰ ৰাইজে দিব’’।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আগন্তুক নিৰ্বাচনত ৰাজ্যৰ 126 টা সমষ্টিতে অসম জাতীয় পৰিষদে প্ৰতিদ্বন্দিতা কৰাৰ কথা কয় যদিও কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব তাক লৈ মন্তব্য কৰাৰ পৰা বিৰত থাকে সভাপতি গৰাকীয়ে । আনহাতে, ৰাজ্যত বিজেপিৰ উত্থানৰ সময়তো নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদক লৈ ৰাইজৰ মাজত উৎসাহ দেখা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : বঙাইগাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড