ETV Bharat / state

ডিব্ৰুগড়ত লকডাউন ভংগ কৰি সুৰাপায়ীৰ দীঘলীয়া শাৰী - lock down

ডিব্ৰুগড়ত সুৰা বিপনীৰ সন্মুখত দীঘলীয়া শাৰী । অধিকাংশ সুৰাসক্তই সামাজিক দূৰত্ব তথা লকডাউন ভংগ কৰি ক্ৰয় কৰিলে সুৰা । সুৰাসক্তৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা নৰম বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ।

ডিব্ৰুগড়
ডিব্ৰুগড়ত লকডাউন ভংগ কৰি সুৰাপায়ীৰ দীঘলীয়া শাৰী
author img

By

Published : Apr 13, 2020, 10:30 PM IST

ডিব্ৰুগড়, ১৩ এপ্ৰিলঃ ২১ দিনীয়া লকডাউনৰ মাজতে সোমবাৰৰ পৰা বিলাতী সুৰাৰ দোকান কিছু সময়ৰ বাবে খুলি দিয়াৰ পাচতে অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হয় ডিব্ৰুগড়ত । ৰঙালী বিহুৰ প্ৰথম দিনটোতেই ডিব্ৰুগড়ৰ সুৰাৰ দোকানৰ সন্মুখত দেখা গ'ল দীঘলীয়া শাৰী । অধিকাংশ সুৰাসক্তই সম্পূৰ্ণৰূপে সামাজিক দূৰত্ব ভংগ কৰি দীঘলীয়া শাৰী পাতি ক্ৰয় কৰে সুৰা ।

ডিব্ৰুগড়ত লকডাউন ভংগ কৰি সুৰাপায়ীৰ দীঘলীয়া শাৰী

আনহাতে, দীৰ্ঘদিনৰ অন্তত খুলি দিয়া সুৰা বিপনীৰ পৰা কাৰ্টনে কাৰ্টনে বিলাতী সুৰা সংগ্ৰহ কৰে সুৰাপায়ীয়ে । এনেদৰে সামাজিক দূৰত্ব অমান্য কৰা, লকডাউন ভংগ কৰা সৰ্বসাধাৰণৰ প্ৰতি প্ৰশাসন কঠোৰ হোৱা পূৰ্বে দেখা গৈছিল যদিও কিন্তু সোমবাৰে সুৰাসক্ত সকলৰ প্ৰতি জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনৰ স্থিতি নৰম বুলি স্থানীয় ৰাইজে মন্তব্য কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.