ETV Bharat / state

Leopard dead : তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু নাহৰফুটুকীৰ

author img

By

Published : Nov 24, 2021, 2:15 PM IST

নিশা দুলীয়াজানত দ্ৰুতবেগী বাহনে মহতিয়াই নিলে এটা নাহৰফুটুকী(Leopard dead)ক । ডিৰিয়াল চাহ বাগিচাৰ পৰা ৰাজপথলৈ ওলাই আহিছিল নাহৰফুটুকীটো । মৃত নাহৰফুটুকীটোৰ নখৰ লগতে কেতবোৰ অংগ কাটি লৈ উধাও হয় একাংশই ৷

leopard-dead-at-duliajan-dibrugarh
তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু নাহৰফুটুকীৰ

মৰাণ, ২৪ নৱেম্বৰ : ডিব্ৰুগড়ৰ দুলীয়াজানত মঙলবাৰে নিশা অচিনাক্ত তীব্ৰবেগী বাহনৰ খুন্দাত এটা নাহৰফুটুকীৰ মৃত্যু(Leopard dead) ঘটে । ডিৰিয়াল চাহ বাগিচাৰ পৰা ৰাজপথলৈ ওলাই আহিছিল নাহৰফুটুকীটো ৷ সেই সময়তে দুলীয়াজান-ডিব্ৰুগড় সংযোগী মূল লোক নিৰ্মাণ বিভাগৰ পথৰ দুলীয়াগাঁৱৰ প্ৰৱেশ পথৰ সন্মুখতে নাহৰফুটুকীটোক এখন দ্ৰুতবেগী বাহনে মহতিয়াই নিয়ে ।

আনহাতে, এই খবৰ বিয়পি পৰাত শতাধিক লোক ঘটনাস্থলীত উপস্থিত হয় । নাহৰফুটুকীৰ মৃত্যু হোৱাৰ পিছতো শান্তি নিদিলে একাংশই । মৃত নাহৰফুটুকীটোৰ নখৰ লগতে শৰীৰৰ কেতবোৰ অংগ কাটি লৈ উধাও হয় একাংশ অসাধু লোক ।

দীৰ্ঘদিন ধৰি কেইবাটাও নাহৰফুটুকীয়ে অঞ্চলটোত পোহনীয়া জন্তু ভক্ষণ কৰি ত্ৰাস(Leopard terror)ৰ সৃষ্টি কৰি আহিছিল । এই সন্দৰ্ভত স্থানীয় ৰাইজে বন বিভাগক বাৰম্বাৰ আবেদন জনাইছিল । কিন্তু আজি পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

এই বিষয়ে খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি দুলীয়াজান আৰক্ষী থানালৈ নিয়ে । পিছত আৰক্ষীয়ে মৃত নাহৰফুটুকীটো বন বিভাগক চমজাই দিব বুলি জানিবলৈ দিছে । এই ঘটনাৰ ফলত বহু সময় ধৰি দুলীয়াজান-ডিব্ৰুগড়ৰ মূল পথটোত শতাধিক যান-বাহন আৱদ্ধ হৈ থাকে ৷

লগতে চাওক: DU Vice Chancellor suspension : ঘটনাক লজ্জাজনক আখ্যা পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.