ETV Bharat / state

ডিব্ৰুগড়ৰ ডিকমত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাৱদ্ধ

author img

By

Published : Sep 30, 2021, 1:48 PM IST

বুধবাৰে ডিব্ৰুগড়(Dibrugarh)ৰ ডিকমত পিঞ্জৰাৱদ্ধ হ'ল এটা প্ৰকাণ্ড নাহৰফুটুকী(Leopard) । বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকীটো । গৰু-ছাগলী, হাঁহ আদি ভক্ষণ কৰি ত্ৰাসৰ সৃষ্টি অহা বাঘটো পিঞ্জৰাৱদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় ৰাইজে ।

Leopard caged at Dikom
ডিব্ৰুগড়ৰ ডিকমত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

মৰাণ, ৩০ ছেপ্টেম্বৰ : অৱশেষত পিঞ্জৰাৱদ্ধ হ'ল ডিব্ৰুগড়ৰ ডিকম চাহ বাগিচা আৰু কাষৰীয়া অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি অহা প্ৰকাণ্ড নাহৰফুটুকীটো । বুধবাৰে বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আৱদ্ধ হয় বাঘটো । ডিব্ৰুগড়ৰ বিভিন্ন চাহ বাগিচা অঞ্চলসমূহত নাহৰফুটুকীয়ে ত্ৰাসৰ সৃষ্টি কৰি অহাৰ লগতে গৰু-ছাগলী, হাঁহ আদি ভক্ষণ কৰি আহিছিল ।

আনকি বাঘৰ আতংকত চাহ খেতিয়কে চাহ বাগিচাত পাত চিঙিবলৈ যাবলৈও শংকিত হৈ পৰিছিল । ইতিমধ্যে ডিব্ৰুগড় বন বিভাগে বাগিচা অঞ্চলৰ পৰা কেইবাটাও প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাৱদ্ধ কৰিছে । বুধবাৰে ডিকমত পুনৰ আন এটা নাহৰফুটুকী পিঞ্জৰাৱদ্ধ কৰে বন বিভাগে ।

ডিকম চাহ বাগিচাত আৰু সমীপৰ গ্ৰামাঞ্চলত আতংকৰ সৃষ্টি কৰি আহিছিল বাঘটোৱে । নাহৰফুটুকীটো পিঞ্জৰাত আৱদ্ধ কৰিবলৈ বন বিভাগে এটা হাঁহ থৈছিল আৰু হাঁহটো ভক্ষণ কৰিবলৈ আহি পিঞ্জৰাত আৱদ্ধ হৈ পৰে নাহৰফুটুকীটো ।

বাঘৰ উপদ্ৰৱত দীৰ্ঘদিন ধৰি বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছিল স্থানীয় লোকসকলে । আনকি ঘৰৰ পৰা অকলে বাহিৰলৈ ওলাই যাবলৈও ভয় কৰিছিল । এতিয়া বাঘটো পিঞ্জৰাৱদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: কৰ’ণাত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালৰ কাষত মন্ত্ৰী অশোক সিংঘাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.