চাবুৱা, 11 জুন: সৎকাৰ সম্পন্ন বাঘজান অগ্নিকাণ্ডত নিহত তীখেশ্বৰ গোঁহাইৰ ৷ বুধবাৰে আত্মীয় আৰু গাঁৱবাসীৰ উপস্থিতিত সম্পন্ন হয় বাঘজান কাণ্ডত প্ৰাণ হেৰুওৱা অইলৰ কৰ্মচাৰী গৰাকীৰ ৷ এতিয়া ভৰলুৱাস্থিত ঘৰখনত বিৰাজ কৰিছে মাথোন এক শোকাকুল পৰিৱেশে ৷ ঘৰৰ একমাত্ৰ পুত্ৰৰ আকস্মিক মৃত্যুত বৰ্তমান থানবান হোৱাৰ উপক্ৰম হৈছে পৰিয়ালটোৰ প্ৰতিজন ব্যক্তি ৷ নিহত গোঁহাইৰ শেষকৃত্য সম্পন্ন হোৱা স্থানৰ পৰাই অইলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিলে গাঁৱবাসীয়ে ৷
হিয়াধাকুৰি কান্দিলেও নিজ ঘৰলৈ আৰু কেতিয়াও ঘূৰি নাহে তীখেশ্বৰ গোঁহাই ৷ কৰ্তব্যৰত অৱস্থাতে সংঘটিত বাঘজান অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছিল ভৰলুৱাৰ এইগৰাকী যুৱকে ৷ বাঘজান কাণ্ডত প্ৰাণ হেৰুওৱা দুয়োজন দুৰ্ভগীয়া কৰ্মচাৰীৰ মৃতদেহ বুধবাৰে উদ্ধাৰ হৈছিল অগ্নিকাণ্ড সংঘটিত হোৱা স্থানৰ সমীপৰ এটা জলাশয়ৰ পৰা ৷ সম্প্ৰতি পৰিয়ালটোৰ মাথো এটাই প্ৰশ্ন কেতিয়া ন্যায় পাব তীখেশ্বৰ গোঁহাইৰ পৰিয়ালে ৷
লগতে চাওকঃ বাঘজান কাণ্ডঃ দুৰ্লভ গগৈৰ মৃত্য়ুৰ ন্যায় বিচাৰিলে পৰিয়ালৰ লোকে