ETV Bharat / state

Land Mafia: টেঙাখাতৰ টিংৰাই নদীৰ কাষত ভূ-মাফিয়াৰ সন্ত্ৰাস

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 9:32 PM IST

ডিব্ৰুগড় টেঙাখাতৰ টিংৰাই নদীৰ কাষত চলিছে ভূ-মাফিয়াৰ সন্ত্ৰাস ৷ চৰকাৰী মাটিত ভূ-মাফিয়াই চলাইছে অবৈধ খনন ৷

Land Mafia terror at Tengakhat In Dibrugarh
ভূ-মাফিয়াই চলাইছে অবৈধ খনন
টিংৰাই নদীৰ কাষত চলিছে ভূ মাফিয়াৰ সন্ত্ৰাস

ডিব্ৰুগড়, 21 ছেপ্টেম্বৰ : ডিব্ৰুগড়ৰ টেঙাখাতত পোহৰলৈ আহিছে ভূ-মাফিয়াৰ সন্ত্ৰাস ৷ ৰাইজৰ লগতে দল-সংগঠনৰ অভিযোগ অনুসৰি ডিব্ৰুগড় জিলাৰ টেঙাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত টিংৰাই নদীৰ কাষত চলিছে ভূ-মাফিয়াৰ সন্ত্ৰাস ৷

টেঙাখাত ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ ন'কাৰী ভেকুলাজান গাঁও পঞ্চায়তৰ টিংৰাই হুলা নদীৰ দুয়োকাষে দীৰ্ঘদিনৰ পৰা ভূ-মাফিয়া চক্ৰই চৰকাৰী মাটি দিনে-নিশাই এক্সেভেটৰ ব্যৱহাৰ কৰি খান্দি ডাম্পাৰ-ট্ৰাকৰ দ্বাৰা ইটা ভাটাত যোগান ধৰাৰ উপৰিও বৰ্তমান সময়ত শ শ গাড়ী মাটি ডাম্পাৰেৰে অইল খাদত পেলোৱাৰ কথা জানিব পৰা গৈছে ৷ উল্লেখ্য যে টিংৰাইহুলা গাঁৱৰ নিবাসী জনৈক সোনোৱাল নামৰ এটা ভূ-মাফিয়াৰ নেতৃত্বতেই বছৰ বছৰ ধৰি এনেদৰে জধে-মধে, যতে- ত'তে চৰকাৰী মাটি কাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

লগতে পঢ়ক : Assam Mala Scheme: ধেমাজিত অসম মালা আঁচনিৰ পথ সম্প্ৰসাৰণত চৰকাৰী ধনৰ লুন্ঠনৰ অভিযোগ নস্যাৎ ক্ষতিগ্ৰস্ত পৰিয়ালৰ

এতিয়া কণকণ ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰা অংগনবাড়ী কেন্দ্ৰ এটাৰ কাষতে অতি বিপদজনকভাৱে এক্সেভেটৰেৰে বৃহৎ আকাৰৰ পুখুৰী সদৃশ দ কৰি মাটি খান্দি অইলৰ ঠিকাদাৰক বিক্ৰী কৰি কণকণ ছাত্ৰ-ছাত্ৰীসকললৈ ভয়ংকৰ বিপদ নমাই আনিছে ভূ-মাফিয়াই ৷ স্থানীয় প্ৰশাসন আৰু বন বিভাগক মেনেজ কৰি ভূ-মাফিয়াই চৰকাৰী মাটি খান্দি বিক্ৰী কৰি অহাৰ অভিযোগ দল-সংগঠন আৰু স্থানীয় ৰাইজৰ ৷

চৰকাৰী ভূমিত চলি থকা এই কাৰ্য শীঘ্ৰেই বন্ধ নকৰিলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিছে টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই ৷ ৰাইজ আৰু দল-সংগঠনৰ অভিযোগৰ পাছতে ডিব্ৰুগড়ৰ টেঙাখাতত চলি থকা ভূ-মাফিয়াৰ সন্ত্ৰাস বন্ধ কৰিবলৈ জিলা প্ৰশাসন আৰু বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক : Bajali extortion case: বজালীকাণ্ড; এতিয়াও সন্ধান নাই ৰবিউল ইছলামৰ পৰা দাবী কৰি লোৱা এটা মেকবুক আৰু দুটা আইফোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.